মৰিগাঁও, 7 ফেব্ৰুৱাৰী : ক'ৰণা কালত যুদ্ধা হিচাপে পৰিগণিত হোৱা কুৰিৰো অধিক চিকিৎসক, আৰক্ষী আৰু প্ৰশাসনৰ লোক, আশা কৰ্মী, সাংবাদিককে আদি কৰি স্বাস্থ্য খণ্ডৰ লগত জড়িত কৰ্মচাৰী সকলক দেওবাৰে মৰিগাঁও জিলাৰ লোচনাবড়ী গাঁও পঞ্চায়তত জনোৱা হয় সম্বৰ্ধনা ৷ এই উপলক্ষে লোচনাবড়ী গাঁও পঞ্চায়তত আয়োজন কৰা সভাখনত চিকিৎসা কৰ্মী সকলক সম্বৰ্ধনা পত্ৰ আৰু ফুলৰ থোপাৰে সম্বৰ্ধন জ্ঞাপন কৰা হয় ৷
![felicity-for-medical-personnel-at-lochanbari-panchayat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10538997_gggg.jpg)
সভাত উপস্থিত থাকে মৈৰাবাৰীৰ চিকিৎসক ডা: নগেন দিহিঙীয়া, মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জচয়ন্ত নাথ, মৈৰাবাৰী জিলা পৰিষদৰ সদস্যা আবিদা বেগম, মৈৰাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি শ্বৰিফ উদ্দিন আহমেদ, দিলদাৰ হুছেইন ৷
বিশিষ্ট ব্যক্তি সকলে সভাত স্বাস্থ্যজনিত সজাগতামূলক মন্তব্য প্ৰকাশ কৰাৰ লগতে অসামাজিক কাৰ্যকলাপৰ সন্দৰ্ভতো সজাগতামূলক ভাষণ দিয়ে ৷
লগতে পঢ়ক:লাইকা-দধিয়াবাসীৰ সংস্থাপনৰ সিন্ধান্তৰ বিৰোধীতা জাগুনবাসীৰ