ETV Bharat / state

Feliciation programme at Marigaon :মৰিগাঁৱত কৃতী শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান - feliciation programme at marigaon

মৰিগাঁৱত ১৮ গৰাকীকৈ আৰক্ষী সন্তানে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত জিলা উপায়ুক্তৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ইপিনে, জাগীৰোডৰ চতিয়াবড়ীত একাংশ মহিলাই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ।

feliciation programme at marigaon
জিলা উপায়ুক্তৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন
author img

By

Published : Jun 19, 2023, 5:25 PM IST

জিলা উপায়ুক্তৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন

মৰিগাঁও, ১৯ জুন: মৰিগাঁও জিলা আৰক্ষী বিভাগত কৰ্মৰত আৰক্ষী বিষয়া-কৰ্মচাৰীৰ ১৮ গৰাকীকৈ সন্তান তথা ছাত্ৰ -ছাত্ৰীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাত তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । দেওবাৰে বিয়লি আৰক্ষী বিভাগৰ দ্বাৰা মূল্যবান গ্ৰন্থৰ টোপোলা,গামোচা,শৰাই,প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । মৰিগাঁও জিলা আৰক্ষী বিভাগৰ উদ্যোগত জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত এই বিশেষ সম্বৰ্ধনা তথা আদৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে জিলা উপায়ুক্ত দেবাশীষ শৰ্মাই ।

মৰিগাঁও আৰক্ষী ছাউনীৰ সভাকক্ষত জিলাখনৰ আৰক্ষী বিষয়া,আৰক্ষীৰ ১৮গৰাকী পুত্ৰ-কন্যা তথা কৃতি ছাত্ৰ-ছাত্ৰীক জনোৱা হয় আদৰণি । এই কাৰ্যসূচীত উপস্থিত থাকি উপায়ুক্ত দেবাশীষ শৰ্মাই আৰক্ষীৰ সতি-সন্ততিসকলৰ এই ঈৰ্ষণীয় ফলাফলত তেওঁ অতিশয় আনন্দিত হোৱা বুলি কয় । উপায়ুক্তগৰাকীয়ে আৰক্ষীৰ দলে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাত দিনে নিশাই সেৱাত ব্ৰতী হোৱাৰ পিছতো তেওঁলোকৰ সন্তানে এনে ফলাফল প্ৰদৰ্শন কৰা বাবে আৰক্ষীৰূপী অভিভাৱক অভিভাৱিকাক কৃতজ্ঞতা জ্ঞাপন কৰে ।

ইফালে, এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আৰক্ষী বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা কুৰিগৰাকী আৰক্ষী বিষয়া কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানত মৰিগাঁও নাগৰিক সমিতিৰ সভাপতি,সম্পাদক,গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াই অংশ গ্ৰহণ কৰে ।

আনহাতে,দেওবাৰে বিয়লি প্ৰতিকূল বতৰৰ মাজতে মৰিগাঁও জাগীৰোডৰ চতিয়াবড়ীত একাংশ মহিলাই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে । ছাত্ৰ-ছাত্ৰীক উদগনি জনোৱাৰ লক্ষ্যৰ শৈক্ষিক সভাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । এই কাৰ্যসূচীত ৰাজ্যখনৰ কেইবাগৰাকী কবিয়ে অংশগ্ৰহণ কৰে। মৰিগাঁও জাগীৰোডৰ সমন্বয় মহিলা গোষ্ঠীৰ উদ্যোগত সদ্য ঘোষিত উচ্চ আৰু উচতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয় ।

চতিয়াবড়ীৰ হৰিমন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটি সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গজেন ডেকাই । সমন্বয় মহিলা গোষ্ঠীৰ সাংস্কৃতিক সম্পাদিকা ৰেখামণি বৰাই উদ্দেশ্যে ব্যাখ্যা কৰা অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰীণা ডেকা, সমাজ সংগঠক জয়ন্ত সাগৰ শইকীয়া, কবি তথা লেখক ৰাজীৱ চহৰীয়া, শিক্ষক প্ৰদীপ কুমাৰ ডেকা,অৱসৰপ্ৰাপ্ত শিক্ষক বিজয়সিং ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিতি থাকে । এই অনুষ্ঠানত সুখ্যাতিৰে উত্তীৰ্ণ দ্ৰোণজ্যোতি ডেকা আৰু নিৰ্মালী ডেকা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ প্ৰিয়ংকা ডেকা আৰু কৌশিক ডেকাক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক:Feliciation programme at Diphu : ডিফুত কৃতী শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.