মৰিগাঁও, 10 অক্টোবৰ : বছৰৰ 4-5 টা বানত সৰ্বস্বান্ত হোৱা মৰিগাঁৱৰ কৃষকৰ মুখত শেহতীয়াকৈ কিছু আশাৰ ৰেঙণি দেখা পোৱা পৰিলক্ষিত হৈছে ৷ কিয়নো ঠন ধৰি উঠিছে কৃষকৰ সেউজীয়া সপোন ৷
![Farmers of Marigaon are overjoyed to see the paddy being planted behind the flood](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9124077_ff.jpg)
বিশেষকৈ মৰিগাঁও জিলাৰ বহু বছৰ চন পৰি থকা ওখ মাটিত এইবাৰ নিয়মীয়া বৰষুণৰ বাবে লহপহীয়া হৈছে চহা কৃষকৰ সপোন । যাৰ বাবে কৃষকসকল আনন্দিত হৈ পৰিছে ৷
![Farmers of Marigaon are overjoyed to see the paddy being planted behind the flood](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9124077_nn.jpg)
উল্লেখ্য যে, জিলাখনৰ কৃষকে চলিত বৰ্ষত বিভিন্ন ধৰণৰ খেতি কৰিছিল যদিও বানপানীৰ বাবে যথেষ্ট চিন্তিত হৈ পৰিছিল ৷ কিন্তু শেহতীয়াকৈ কৃষকৰ শস্য সমূহ ঠন ধৰি উঠাৰ বাবে কৃষক সকল আনন্দত আত্মহাৰা হৈ পৰিছে ৷
লগতে পঢ়ক : SI কেলেংকাৰীৰ আন এজন অভিযুক্তক আটক নলবাৰী আৰক্ষীৰ