ETV Bharat / state

Poisonous mushrooms reaction : বিষাক্ত কাঠফুলা খাই মৃত্যু এজনৰ, পাঁচগৰাকী চিকিৎসাধীন

author img

By

Published : Apr 3, 2023, 7:44 AM IST

Updated : Apr 3, 2023, 11:05 AM IST

বিষাক্ত কাঠফুলা ভক্ষণ কৰি ৰাজ্যত মৃত্যু এজন লোকৰ ৷ একেটা পৰিয়ালৰে আন পাঁচজন লোক বৰ্তমান চিকিৎসাধীন । মৰিগাঁও-পশ্চিম কাৰ্বিআংলং সীমান্তৰ বৰমাৰ্জঙ পাহাৰত থকা বিষাক্ত কাঠফুলা ভক্ষণ কৰিছিল পৰিয়ালটোৱে । গুৰুতৰভাৱে অসুস্থ এজনক উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি ৷ পৰিয়ালটোৰ এগৰাকী মহিলা সদস্যৰ মৃত্যু (Sick after consuming poisonous mushrooms) ৷

Sick after consuming poisonous mushrooms
বিষাক্ত কাঠফুলা ভক্ষণ কৰি ৰাজ্যত মৃত্যু এজন লোকৰ

বিষাক্ত কাঠফুলা খাই মৃত্যু এজনৰ

মৰিগাঁও, 3 এপ্ৰিল : কাঠফুলা আপোনাৰ প্ৰিয় নেকি, তেন্তে সাৱধান ৷ বিষাক্ত কাঠফুলা ভক্ষণেই কাল হৈ পৰিল ৰাজ্যৰ এটি পৰিয়ালৰ বাবে ৷ মৰ্মান্তিক ঘটনাটোৰ স্থান নগাঁও-মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলঙৰ বৰমাজান ৷ পাহাৰত পোৱা বিষাক্ত কাঠফুলা খাই বৰমাজানৰ এটি পৰিয়ালৰ এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন পাঁচজন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে । ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ পোৱা গৈছে । মৃত লোক মিঠু আমচং বুলি জানিব পৰা হৈছে (Family suffers after eating poisonous mushrooms in Karbi Anglong) ৷

উন্নত চিকিৎসাৰ বাবে নাৰ্চিংহোমত ভৰ্তি কৰোৱা হৈছে গুৰুতৰভাৱে অসুস্থ লোকজনক । মৃত লোকজনৰ আত্মীয়ই জানিবলৈ দিয়া মতে, মঙলবাৰে পৰিয়ালৰ এগৰাকী সদস্যই পাহাৰৰ পৰা বুটলি আনিছিল কাঠফুলাখিনি । মঙলবাৰে নিশাৰ ভাগত পৰিয়ালটোৱে কাঠফুলাখিনি খোৱাৰ পিচত পিছদিনা পুৱাৰ পৰা ক্ৰমশঃ অসুস্থ হৈ পৰে পৰিয়ালটোৰ সদস্যকেইজন । পৰিয়ালটোৰ মিঠু আমচং নামৰ সদস্যগৰাকীৰ মৃত্যু ঘটে বিষাক্ত কাঠফুলাখিনি ভক্ষণৰ পিচত (Food poisoning in Karbi Anglong) ।

বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে পৰিয়ালটোৰ চিৰামিকা আমচং, ৰূপালী আমচং আৰু মিনতি আমচং নামৰ তিনিজন লোক । তদুপৰি সংকটজনক অৱস্থাত মৰিগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে পৰিয়ালটোৰ বিশ্বজিৎ আমচং নামৰ অন্য এজন লোক । এই ঘটনাই পশ্চিম কাৰ্বি আংলঙৰ লগতে মৰিগাঁও জিলাতো তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Morigaon Civil Hopital) ।

ইফালে, স্থানীয় সচেতন ৰাইজে পশ্চিম কাৰ্বিআংলঙৰ বৰমাৰ্জঙত প্ৰাথমিক চিকিৎসাৰ লগতে যাতায়তৰ কোনো ধৰণৰ সুচল ব্যৱস্থা নথকাৰ বাবেই মিঠু আমচং নামৰ ব্যক্তিগৰাকীয়ে মৃত্যুক আকোঁৱালি লয় বুলি আক্ষেপ প্ৰকাশ কৰে । দুৰ্ভাগ্যজনক বিষয় এয়ে যে ঘটনাটোৱে দুখনকৈ জিলাত চৰ্চা লাভ কৰাৰ পিছতো সংশ্লিষ্ট অঞ্চলটোৰ কোনো নেতা-কৰ্মী বা কাৰ্বি স্বায়ত্ব পৰিষদৰ কোনো নেতাই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হোৱা পৰিলক্ষিত নহ’ল (One dies after eating poisonous mushrooms in Karbi Anglong) ৷

উল্লেখ কৰা প্ৰয়োজন যে, গোলাঘাট জিলাৰ মেৰাপানীৰ বালিগুৰিতো শেহতীয়াভাৱে সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ নগা পাহাৰৰ পৰা অনা বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ পৰে একেটা পৰিয়ালৰে তিনিজনকৈ লোক । আটাইকেইজন সম্প্ৰতি মেৰাপানী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে (Sick after consuming poisonous mushrooms) ৷

লগতে পঢ়ক : Poisonous mushrooms reaction : বিষাক্ত কাঠফুলা খাই অসুস্থ একেটা পৰিয়ালৰে তিনিজনকৈ লোক

Last Updated : Apr 3, 2023, 11:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.