ETV Bharat / state

ক'ত ওলাইছে জাক জাক চিলনী? - etv assam

পৰিৱেশ প্ৰদূষণ আৰু ৰাজ্যৰ খাল-বিলসমূহৰ পৰা অভাৱনীয় হাৰত মাছ-পুঠি নোহোৱা হোৱাৰ ফলতে লুপ্তপ্ৰায় হোৱাৰ পথত একালৰ এইবিধ চিকাৰী পক্ষী ।

মাছৰ সন্ধানত জোনবিলৰ পাৰত বিলুপ্তপ্ৰায় চিলনী
author img

By

Published : Mar 23, 2019, 12:03 PM IST

মৰিগাঁও,23 মাৰ্চ : মৰিগাঁৱৰ জোনবিলৰ পাৰত বিলুপ্তপ্ৰায় চিলনী ৷ মাছৰ সন্ধানত বিলৰ পাৰত বিচৰণ কৰি ফুৰিছে শ শ চিলনীয়ে ৷ দুষ্প্ৰাপ্য পক্ষীৰ ৰম্যভূমিত পৰিণত হৈছে নান্দনিক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা জোনবিলৰ পাৰ ৷

মাছৰ সন্ধানত জোনবিলৰ পাৰত বিলুপ্তপ্ৰায় চিলনী

কেৱল প্ৰকৃতি জগতেই নহয়, অসমীয়া সাহিত্য জগতখনতো চিলনীৰ আছে এক বিশেষ স্থান ৷ গীত-মাতৰ লগতে অসমীয়া সাহিত্যৰ অন্যতম কল্প চৰিত্ৰ "চিলনী " য়ে প্ৰভাৱিত কৰি আহিছে প্ৰতিজন অসমীয়া সাহিত্যানুৰাগীক ।

জন বিস্ফোৰণ আৰু ৰাজ্যৰ খাল-বিলসমূহৰ পৰা অভাৱনীয় হাৰত মাছ-পুঠি নোহোৱা হোৱাৰ ফলতে লুপ্তপ্ৰায় হোৱাৰ পথত একালৰ এইবিধ চিকাৰী পক্ষী ।
শেহতীয়াকৈ ঐতিহাসিক জোনবিলৰ পাৰত জাকে-জাজে বিবিধ প্ৰজাতিৰ চিলনীয়ে আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে ৷ সেয়েহে অসমীয়া জাতীয় জীৱনৰ সৈতে নিবিড়ভাৱে জড়িত বিবিধ প্ৰজাতিৰ চিলনীক সময় থাকোতে সংৰক্ষণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে প্ৰকৃতিপ্ৰেমি সংগঠনসমূহক আহ্বান জনায় স্থানীয় ৰাইজে ৷

Intro: অসমীয়া সাহিত্য সংস্কৃতিৰ অন্যতম উপাদান বিভিন্ন পক্ষীকুলে অস্তিত্বৰ সংকটত পৰাৰ সময়তে প্ৰাচীন গোভাৰাজ্যৰ জোনবিল পাৰ হৈছে দুষ্প্ৰাপ্য পক্ষীৰ ৰম্যভূমি। অসমীয়া সাহিত্যৰ অন্যতম চৰিত্ৰ এই বিধ অস্তিত্বৰ সংকটত পৰা পক্ষীৰ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন।

Body:"কুমাৰণী আয়ে মোক উটুৱাই দিলে।
চিলনী আয়ে মোক দাঙি ধৰিলে ।।

সাতসতিনীয়ে মোক ডোমত বেচিলে।
ডোমে মোক শুকান মাছৰখীয়া কৰিলে।।"

এনেদৰেই চিলনীক লৈ সমৃদ্ধ অসমীয়াৰ সাহিত্যৰ সফুঁৰা । চহকী অসমীয়া গীতি সাহিত্য।অসমীয়া সাহিত্যৰ অন্যতম কল্প চৰিত্ৰ এই চিলনী চৰিত্ৰটোৱে প্ৰতিজন অসমীয়া সাহিত্যানুৰাগীক প্ৰভাৱিত কৰি আহিছে। সেয়ে হলেও জন বিস্ফোৰণ আৰু ৰাজ্যৰ বিলখাল সমূহৰ পৰা অভাৱনীয় হাৰত মাছপুঠি নোৱাৰ ফলতে একালৰ এইবিধ চিকাৰী পক্ষী লুপ্তপ্ৰায় হোৱাৰ উপক্ৰম হৈছে।
চাৰিটা মান দশকৰ পূৰ্বলৈ ৰাজ্যৰ বিল খাল পুখুৰী আদি মাছৰ সন্ধানত কী-কীয়াই ফুৰা ,মানুহৰ চকুৰ আগৰ পৰা মৰা-জীয়া মাছ থপিয়াই থপিয়াই খোৱা ,এটি মাছকে দুই তিনিটা চিলনীয়ে থপিওৱা-থপী লগা দৃশ্য বোৰ আছিল সুলভ। বিলখাল,নদনদী,কলং,জানজুৰি,পাৰৰ নাৰায়ণী শিমলুৰ অথবা আঁহত গছৰ ডালত বাহসাজি পোৱালি ফুকুৱা দৃশ্যৰাজি হৈছিল গীতি সাহিত্যৰ সমল। যাৰফলস্বৰূপে হয়তু ৰসৰাজ বেজবৰুৱাৰ বুঢ়ী আই সাধুৰ অন্যতম আৰ্কষণীয় তথা মমতাময়ী চৰিত্ৰৰ প্ৰতিভূ এই চিলনী। মি মমতা পৰিস্ফুট হৈছে চিলনী জীয়েকৰ সাধু ত।যাক মানৱীয় গুণৰাশিৰ জৰিয়তে এগৰাকী মৰমীয়াল আৰু দায়িত্ব শীল মাতৃৰূপে দাঙি ধৰিছে সাহিত্যৰথী বেজবৰুৱাই।
মনকৰিবলগীয়া বিষয় এয়ে শেহতীয়াকৈ ঐতিহাসিক জোনবিলৰ পাৰত মৎস্য পালন থলীত জাকে জাজে বিবিধ প্ৰজাতিৰ চিলনীয়ে আশ্ৰয় গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। সেয়ে সচেতন মহলৰ আহবান। অসমীয়া জাতীয় জীৱনৰ সৈতে নিবিড়ভাৱে জড়িত বিবিধ প্ৰজাতিৰ চিলনীক সময় থাকোতে সংৰক্ষণ কৰা উচিত।এইক্ষেত্ৰত বিভাগীয় কতৃশক্ষৰ লগতে প্ৰকৃতিপ্ৰেমি সংগঠন সমূহে আগবাঢ়ি অহা উচিত।।byte: conscious citizen 1,2,3.
কবপাৰি যে যি দৰে অসমীয়া সাধু সাহিত্যৰ গুৰুত্ব কমি আহিছে একেদৰেই বিলুপ্ত ঘটিছে এইবিধ সুগঢ়ি পক্ষী ।ইয়াৰ বিপৰীতে আজিকালি আন এবিধ চিলনী চোৰ নামৰ চৰিত্ৰহে গঠন হৈছে।
আৰু এই চিলনীৰ চোৰৰ চিকাৰ হৈ বহুজীয়ৰীয়ে হেৰুৱাব লগা হৈছে গহণা-গাঠৰি।
ইয়াৰ বিপৰীতে চিলনী আয়ে জীয়েকক গহণা আনি, দাঙি ধৰিছিল পক্ষী-মানৱৰ এক মানৱীয় আৰু মহামিলনৰ ছবি।তেনেহলে আহক আমি সাতসতিনীৰ হিংসা-হত্যাৰ পৰা আমাৰ চিলনী আইক সুৰক্ষিত কৰো।
"আঁহতৰ পাত লৰে কি চৰে।
চিলনী আই মোৰ আগতে পৰে।"

Conclusion:ratuldeka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.