মৰিগাঁও,9 ডিচেম্বৰঃ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতিৰ দশম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত মঙলবাৰে অনুষ্ঠিত হয় এখন কাৰ্যনিৰ্বাহক সভা ৷ জিলা মিডিয়া ক্লাব মৰিগাঁও প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বিশেষ কাৰ্যনিৰ্বাহক সভাখনি ৷ জিলা সমিতিৰ সভাপতি প্ৰদীপ ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত সামাজিক ক্ষেত্ৰখনত আগবঢ়াই অহা বিশেষ ব্যক্তিক অধিৱেশনত সম্বৰ্দ্ধনা জনোৱাৰ কথা সদৰী কৰে ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই ।
তদুপৰি, সভাত সাংবাদিকসকলৰ বিভিন্ন কাম-কাজৰ বাবে পুঁজি গঠন আৰু এক ন্যাস গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ উল্লেখযোগ্য যে, এই সভাতে ১৭ ডিচেম্বৰত আগন্তুক অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতি অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
লগতে পঢ়কঃ পুলৱামাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলিয়াগুলী