মৰিগাঁও, 28 এপ্ৰিল : বুধবাৰে পুৱা অহা প্ৰৱল ভূমিকম্পৰ ফলত মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত ক্ষয়-ক্ষতিৰ সমান্তৰাল কৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত সৃষ্টি হয় এক অভাৱনীয় পৰিবেশৰ। ভূমিকম্পৰ জোকাৰণিৰ সময়ত গৰ্ভাৱতী আৰু প্ৰসূতি মাতৃসকলক ততাতৈয়াকৈ বাহিৰলৈ অনা হয় ।

সমান্তৰালকৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বহুকেইজন ৰোগীৰ ওপৰত চিলিং ভাগি পৰাৰ ফলত আহত হোৱা বুলি জানিব পৰা গৈছে ৷ একেদৰে মৰিগাঁও মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী গুৰুত্বভাৱে আহত হয় ৷

ইফালে, জাগী ভকত গাঁও পঞ্চায়তৰ ছতাবৰী শিলডুবী সত্ৰৰ দৌলৰ বিস্তৰ ক্ষতি হৈছে ৷ ইয়াৰ লগতে জিলাখনৰ লাহৰীঘাট, জাগীৰোড আদি অঞ্চলটো কম-বেছি পৰিমাণে ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এজন