ETV Bharat / state

Morigaon Mob lynching: গণ প্ৰহাৰত নিহত ছাদ্দাম হুছেইনৰ বাসগৃহত জিলা আয়ুক্ত দেবাশীষ শৰ্মা - জিলা আয়ুক্ত দেবাশীষ শৰ্মা

আঁহতগুৰিৰ গণ প্ৰহাৰ কাণ্ডত নিহতৰ বাসগৃহত উপস্থিত জিলা আয়ুক্ত দেবাশীষ শৰ্মা ৷ এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে জিলা প্ৰশাসনৰ হৈ দুখ প্ৰকাশ কৰে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ৷ তদুপৰি অঞ্চলটোত যাতে শান্তি-সম্প্ৰীতি অটুত থাকে ইয়াৰ বাবে সকলোকে আহ্বান জনাই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ৷

Deputy Commissioner Devashish Sharma
আঁহতগুৰিৰ গণ প্ৰহাৰ কাণ্ডত নিহতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জিলা প্ৰশাসনৰ
author img

By

Published : Jul 27, 2023, 7:10 AM IST

আঁহতগুৰিৰ গণ প্ৰহাৰ কাণ্ডত নিহতৰ বাসগৃহত উপস্থিত জিলা আয়ুক্ত দেবাশীষ শৰ্মা

মৰিগাঁও, 27 জুলাই : বুধবাৰেও মৰিগাঁও বৰবৰীত বিৰাজ কৰিছে শোকাকুল পৰিবেশে ৷ আঁহতগুৰিৰ গণ প্ৰহাৰ কাণ্ডত নিহতৰ চোতালত বুধবাৰে শুনা গ’ল কান্দোনৰ ৰোল ৷ বাকৰুদ্ধ সকলো ৷ কান্দি কান্দি সংজ্ঞাহীন হৈ পৰে নিহত ছাদ্দামৰ পৰিয়াল ৷ স্বামী/পুত্ৰ/পিতৃক হেৰুৱাৰ দুখত হিয়াভগা কান্দোন আঁহতগুৰিৰ গণ প্ৰহাৰত নিহত ছাদ্দাম হুছেইনৰ নিকট আত্মীয়ৰ ৷ বুধবাৰে ভুক্তভোগী পৰিয়ালৰ গৃহত উপস্থিত হয় জিলা আয়ুক্ত দেবাশীষ শৰ্মা ৷

মৰিগাঁৱৰ আঁহতগুৰিত গৰু চুৰি কৰাৰ সন্দেহত গণ প্ৰহাৰত নিহত ছাদ্দাম হুছেইনৰ আত্মাৰ সদগতি কামনাৰে মৰিগাঁও জিলা প্ৰশাসনৰ এক মিনিট সময় মৌন প্ৰাৰ্থনা ৷ বুধবাৰে মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ লগতে জিলা প্ৰশাসনৰ এটা সঁজাতি দল মৃতকৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে প্ৰয়াত ছাদ্দাম হুছেইনৰ বাসগৃহত সৃষ্টি হয় এক শোকাকুল পৰিৱেশ ৷

ছাদ্দামৰ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে জিলা আয়ুক্ত গৰাকীয়ে জিলা প্ৰশাসনৰ তৰফৰ পৰা আহত সকলৰ সকলোধৰণৰ চিকিৎসাৰ খৰচ বহন কৰিব বুলি মন্তব্য কৰে ৷

একেদৰে জিলা আয়ুক্ত গৰাকীৰে আহত হোৱা বৰবৰী গাঁৱৰ যুৱক কেইজনৰ পৰিয়াল বৰ্গৰ খবৰ লোৱাৰ লগতে দোষীক কৰায়ত্ব কৰি বিধিগত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷ তদুপৰি অঞ্চলটোত যাতে শান্তি-সম্প্ৰীতি অটুত থাকে ইয়াৰ বাবে সকলোকে আহ্বান জনাই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে, আমি এই পথেৰে সকলো হিন্দু, মুছলমান, খৃষ্টান অহা-যোৱা কৰিব লাগিব ৷ হিংসা, প্ৰতিবাদত কোনো সমস্যাৰ সমাধান নহয় ৷

ভৱিষ্যতৰ দিনত যাতে এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে বৰবৰী গাঁৱৰ সকলো ৰাইজৰ প্ৰতি বিনম্ৰ ভাৱে আহ্বান জনাই নিহত আত্মীয়ক সান্ত্বনা দিয়ে আয়ুক্ত গৰাকীয়ে ৷ ইয়াৰ উপৰিও অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ কঠোৰ নিৰ্দেশনাৰ বিষয়ে সদৰী কৰি এজনো দোষীয়ে ৰেহাই নাপায় বুলি উপস্থিত ৰাইজক আশ্বাস প্ৰদান কৰে জিলা আয়ুক্ত গৰাকীয়ে ৷

তেওঁ কয়, ‘‘মই আপোনালোকৰ মনৰ ভাৱ‌ ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ ৷ মই যিসকলৰ সৈতে কথা পাতিছো সকলোৱে শান্তি বিচাৰে ৷ আমাৰ সুন্দৰ মৰিগাঁওখনত মানুহে মানুহক মানুহ বুলি গণ্য নকৰা পৰিৱেশ নিবিচাৰোঁ ৷’’ যি ঘটনা সংঘটিত হৈ গ’ল তাৰ বাবে জিলা প্ৰশাসনৰ হৈ দুখ প্ৰকাশ কৰিছো বুলি মন্তব্য কৰে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ৷

লগতে পঢ়ক : Morigaon Mob lynching case update: আঁহতগুৰিৰ গণ প্ৰহাৰৰ ঘটনা; পাঁচজন লোকক আটক আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.