ETV Bharat / state

মৰিগাঁৱৰ তাৎক্ষণিক উন্নয়ন সন্দৰ্ভত জিলা উন্নয়ন আয়ুক্তৰ বৈঠক - জিলা উন্নয়ন আয়ুক্তৰ বৈঠক

মৰিগাঁৱত জিলা উন্নয়ন আয়ুক্ত পুনম ৰাও বৰাৰ উপস্থিতিত বুধবাৰে আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ ৷ এই আলোচনা চক্ৰত জিলাখনৰ উন্নয়নৰ হেতু সকলো বিভাগক জৰুৰী নিৰ্দেশ জাৰি কৰে জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে ৷

Deputy development commissioner meeting in Morigaon
মৰিগাঁৱৰ তাৎক্ষণিক উন্নয়ন সন্দৰ্ভত জিলা উন্নয়ন আয়ুক্তৰ বৈঠক
author img

By

Published : Oct 7, 2020, 10:31 PM IST

মৰিগাঁও,7 অক্টোবৰ: বুধবাৰে বিয়লি ভাগত মৰিগাঁৱত জিলা উন্নয়ন আয়ুক্ত পুনম ৰাও বৰাই এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত কৰি বানাক্ৰান্ত জিলাখনৰ উন্নয়ন ক্ষীপ্ৰ কৰাৰ লক্ষ্যৰে সংশ্লিষ্ট সকলো বিভাগক জৰুৰী নিৰ্দেশ জাৰি কৰে ৷ লগতে,আধৰুৱা আঁচনি তৰান্বিত আৰু নতুন পৰিকল্পনা প্ৰস্তুত কৰাৰ আহ্বান জনায় জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে ৷

আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই সভাত উন্নয়ন আয়ুক্তই জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী-বিষয়াসকলৰ পৰা নিজ নিজ বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ানৰ প্ৰতিবেদন গ্ৰহণ আৰু আধৰুৱা কামসমূহ অতি শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

ইয়াৰোপৰি,তেওঁ জিলাখনৰ উন্নয়নৰ স্বাৰ্থত নতুনকৈ প্ৰকল্প তৈয়াৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । উক্ত সভাত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্তসহ অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী,সঞ্জীৱ কুমাৰ শৰ্মা আৰু বিভিন্ন বিভাগৰ মূৰব্বী-বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া ৷

লগতে পঢ়ক: ৰাজনীতিৰ নাগপাশত বন্দী 28 শ কোটি টকীয়া 'অৰুণোদয়' আঁচনিঃ দুৰ্লভ চমুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.