ETV Bharat / state

বিশ্বনাথত বিদ্যুত বিভাগৰ চৰম গাফিলতি: অস্থায়ী কৰ্মচাৰীৰ মৃত্যু - অস্থায়ী কৰ্মচাৰী

বিশ্বনাথত শক্তি বিভাগৰ চৰম গাফিলতিৰ বাবে কৰ্মৰত অৱস্থাত বিদ্যুৎপৃষ্ট হৈ পুনৰ এজন অস্থায়ী কৰ্মচাৰীৰ মৃত্যু ৷ কৰ্মচাৰীজনৰ নাম অমিত ইংতি ৷

বিশ্বনাথত কৰ্মৰত অৱস্থাত অস্থায়ী কৰ্মচাৰীৰ মৃত্যু

author img

By

Published : Jun 19, 2021, 7:29 PM IST

বিশ্বনাথ, ১৯ জুন : বিশ্বনাথ চাৰিআলিৰ শক্তি বিভাগৰ অন্তৰ্গত পাভৌ বিদ্যুত নিয়ন্ত্ৰণ কক্ষত অঘটন । শক্তি বিভাগৰ চৰম গাফিলতিৰ ফলত পাভৈ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অন্তৰ্গত চালাইকাঠি গাঁও পঞ্চায়তৰ এটা ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ খুঁটাত এজন অস্থায়ী কৰ্মচাৰী কাম কৰিবলৈ উঠিছিল । সেই সময়তে খুঁটাটোৰে বিদ্যুৎ প্ৰবাহিত হোৱাৰ ফলত কৰ্মচাৰীজন বিদ্যুতপৃষ্ট হৈ তললৈ পৰি যায় ৷ কৰ্মচাৰীজনক সংকটজনক অৱস্থাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও কৰ্মচাৰীজনৰ ইতিমধ্যে মৃত্যু ঘটা বুলি চিকিৎসকে জনায় ।

মৃত কৰ্মচাৰীজনৰ নাম অমিত ইংতি বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বেও বিশ্বনাথ জিলা শক্তি বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে কেইবাজনো অস্থায়ী কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে । উল্লেখ্য যে, যোৱা ২০১৯ চনত বিশ্বনাথ চাৰিআলিৰ মাজ-মজিয়াত একে বিভাগৰে অস্থায়ী কৰ্মচাৰী ৰবিন দাস নামৰ কৰ্মচাৰী গৰাকীয়ে বিদ্যুতৰ খুঁটাত উঠি কাম কৰি থকাৰ সময়তে হঠাৎ লগা জুইত মৃত্যুবৰণ কৰিছিল ৷ বিশ্বনাথৰ বিদ্যুত উপ-সংমণ্ডলৰ এজন অভিযন্তাৰ গাফিলতিৰ ফলতে অস্থায়ী কৰ্মচাৰীজনৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছিল ৷

বিশ্বনাথত কৰ্মৰত অৱস্থাত অস্থায়ী কৰ্মচাৰীৰ মৃত্যু

কিন্তু পুনৰ একে ঘটনা সংঘটিত হয় বিশ্বনাথত । যাৰ বাবে ক্ষোভিত হৈ পৰিছে বিশ্বনাথবাসী ৷ স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি শক্তি বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ ভুলৰ বাবে সঘনাই অস্থায়ী কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হয় ৷ প্ৰতিবাৰে অস্থায়ী কৰ্মচাৰীক বিভাগটোৱে বলিৰ পঠা সজাই আহিছে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ।

এই কৰ্মচাৰীজনৰ মৃত্যুৰ পাচত দুৰ্ভগীয়া পৰিয়ালটিক সহায় কৰিবলৈ চৰকাৰক আহ্বান জনায় বিশ্বনাথবাসীয়ে ৷ আনহাতে, অস্থায়ী কৰ্মচাৰীজনৰ মৃত্যু খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বিধায়ক প্ৰমোদ বৰঠাকুৰ । বৰঠাকুৰে ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে পৰিয়ালটিক সহায় কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ৷ স্থানীয় ৰাইজে বিভাগটোৰ এনে কাণ্ডৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসন তথা চৰকাৰক আহ্বান জনাইছে ৷

অন্য এক খবৰৰ বাবে: মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ বাবে গঠন দুখনকৈ উচ্চ ক্ষমতা সম্পন্ন কমিটি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.