ETV Bharat / state

সোণোৱালী বৰোধানে কৃষকৰ মুখলৈ ঘূৰাই আনিছে হাঁহি

author img

By

Published : Apr 29, 2021, 2:08 PM IST

ব'হাগৰ বতৰতো আহ্লাদিত হৈ পৰিছে চহা কৃষকৰ মন ৷ ৰাজ্যত মহামাৰী আৰু প্ৰকৃতিয়ে তাণ্ডৱ চলোৱাৰ মাজতে কৃষকৰ মুখত বিৰিঙিছে এধানি হেঁপাহৰ হাঁহি । হতাশাগ্ৰস্ত কৃষকৰ মুখলৈ হাঁহি ঘূৰাই আনিছে সোণোৱালী বৰোধানে ৷

সোণোৱালী বৰোধানে কৃষকৰ মুখলৈ ঘুৰাই আনিছে হাঁহি

মৰিগাঁও,29 এপ্ৰিল: ৰাজ্যত মহামাৰী আৰু প্ৰকৃতিয়ে তাণ্ডৱ চলোৱাৰ মাজতে মৰিগাঁৱৰ চহা কৃষকৰ জীৱনলৈ আহিছে আশাৰ বতৰা ৷ হতাশাগ্ৰস্ত কৃষকৰ মুখলৈ হাঁহি ঘূৰাই আনিছে সোণোৱালী বৰোধানে ৷ ব'হাগৰ বতৰতো আহ্লাদিত হৈ পৰিছে চহা কৃষকৰ মন ৷ এয়া মৰিগাঁৱৰ সমীপৱৰ্তী বাছনাঘাট শিঙিমাৰী বৰোতলীৰ দৃশ্য । কোনোখন পথাৰ যদি সোণোৱালী, কোনোখনত আকৌ ভৰিছে দাৱনী ৷

সোণোৱালী বৰোধানে কৃষকৰ মুখলৈ ঘূৰাই আনিছে হাঁহি

বছৰটোলৈ পেটৰ ভাতমুঠি সুকলমে ঘৰ চপোৱাৰ তাগিদাত সকলো দুখ-ভাগৰ একাষৰীয়া কৰি কাঁচিত ছন্দ তুলি দাই গৈছে সোণগুটি ৷ হাতত শানিত কাঁচি, মূৰত বৰফুলৰ গামোচা, মুখত মিচিকিয়া হাঁহিৰে দাৱনি নামিছে মৰিগাঁৱৰ বৰোতলী পথাৰত ৷ গাঁৱৰ পুৰুষ-মহিলা, জীয়ৰী-বোৱাৰী সকলো এতিয়া আনন্দ মনেৰে ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত ৷ এয়া যেন চহা গাঁৱলীয়া জীৱনৰ নিভাজ প্ৰতিচ্ছবি ৷ সেয়ে এইহেন ভয়াৱহ পৰিস্থিতিৰ মাজতো কৃষকৰ মুখত বিৰিঙিছে এধানি হেঁপাহৰ হাঁহি ।

লগতে পঢ়ক: প্ৰৱল অনাবৃষ্টিৰ ফলত দিশহাৰা কৃষক ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.