ETV Bharat / state

কবৰ খন্দি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ মৃতদেহ - আৰক্ষী

মৰিগাঁৱ জিলাৰ লাহৰীঘাটত সংঘটিত হৈছে এক হত্য়াকাণ্ডৰ ঘটনা ৷ কিন্তু আৰক্ষীক খবৰ নিদিয়াকৈ গোপনে কবৰ দিয়া হৈছিল মৃতদেহ ৷ অৱশেষত বুধবাৰে আৰক্ষীয়ে কবৰ খান্দি মৃতদেহ উলিয়াই মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

হত্যাৰ অভিযোগঃ কবৰস্থ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ
author img

By

Published : Jul 31, 2019, 8:32 PM IST

মৰিগাঁৱ, 31 জুলাইঃ মৰিগাঁৱ জিলাৰ লাহৰীঘাটত আৰক্ষীয়ে খান্দি উলিয়ালে কবৰ দিয়া মৃতদেহ ৷ ঘটনা অনুসৰি, জিলাখনৰ লাহৰীঘাট থানাৰ অন্তৰ্গত অমৰাগুৰি গাঁৱৰ বাসিন্দা গোলাপ হুছেইনৰ পুত্ৰৰ লগত বিয়া হৈছিল কছাৰীবড়ী গাঁৱৰ আব্দুৰ ৰহিমৰ ছোৱালী ফৰিদা খাতুন ৷ কিন্তু বিয়াৰ পিচৰে পৰাই পৰিয়ালৰ লোকে যৌতুকৰ নামত অকথ্য হাৰাশাস্তি কৰি আহিছিল ফৰিদাক ৷ কিন্তু মঙলবাৰে হঠাতে ফৰিদাৰ স্বামীগৃহৰ পৰা ফৰিদাৰ পিতৃগৃহলৈ আহে অবাঞ্চিত মৃত্যুৰ খবৰ ৷ ফৰিদাৰ পিতৃ পৰিয়ালে মৃতদেহ চাবলৈ আহে যদিও চাবলৈ নিদি মৃতদেহটো কবৰস্থ কৰে স্বামীৰ পৰিয়ালে ৷ ইয়াৰ পিচতে ফৰিদাৰ পিতৃৰ পৰিয়ালে ঘটনা সন্দৰ্ভত লাহৰীঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ অৱশেষত লাহৰীঘাট আৰক্ষী আৰু লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া শ্ৰীযুত সুৰিজৎ কলিতাৰ উপস্থিতিত মৃতদেহটো কবৰৰ পৰা উলিয়াই মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Intro:কবৰৰ পৰা উঠালে মৃত দেহBody:লাহৰীঘাটত স্বামীয়ে পত্নীক হত্যাৰ অভিযোগ। কবৰৰ পৰা মৃতদেহ উঠাই মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

মৰিগাঁও জিলাৰ লাহৰীঘাটত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা।মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত অমৰাগুৰি গাৱঁত স্বামীৰ হাতত পত্নীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপিত কৰিছে । মৃত মহিলা গৰাকীৰ নাম ফৰিদা খাতুন (৩২)। ৬ বছৰ পূৰ্বে কছাৰীবড়ী গাঁৱৰ আব্দুৰ ৰহিমৰ ছোৱালী লাহৰীঘাট অমৰাগুৰিৰ গোলাপ হুছেইনৰ পুত্ৰৰ লগত সামাজিক নিয়ম অনুসৰি বিয়া হৈছিল।মৃত ফৰিদা খাতুনৰ পিতৃ পৰিয়ালৰ অভিযোগ অনুসৰি বিয়াৰ কিছুদিন পিছৰে পৰা যৌতুকৰ বাবে স্বামীৰ পৰিয়ালে ফৰিদা খাতুনক অকথ্য গালি শপনি পৰাৰ লগতে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল।যোৱা ৩০ জুলাই তাৰিখে স্বামী গৃহৰ মানুহে ফৰিদাৰ পিতৃ গৃহত মৃত্যুৰ খবৰ পঠিয়াই যদিও পিতৃ গৃহৰ পৰা মৃত দেহ চাব অহাত স্বামী গৃহৰ লোকে চাব নিদি কবৰ দি দিয়ে।অৱশেষত ফৰিদা খাতুনৰ পিতৃৰ পৰিয়ালে লাহৰীঘাট আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰাত লাহৰীঘাট আৰক্ষী, লাহৰীঘাট চক্ৰ পৰিদৰ্শকৰ নেত্ৰীত্বত আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰীযুত সুৰিজৎ কলিতাৰ উপস্থিতত মৃত দেহটো কবৰৰ পৰা ওলিয়াই মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.