ETV Bharat / state

CPI Protest in Morigaon:মৰিগাঁও জিলা আয়ুক্ত কাৰ্যলয়ৰ চৌহদ চি পি আইৰ প্ৰতিবাদ - Vegetable Price Hike

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত মৰিগাঁৱত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদ ৷ ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যৰ জৰিয়তে ৰাইজক প্ৰদান, মধ্যভোগী আৰু অসাধু ব্যৱসায়ীক নাকী লগোৱাৰ দাবী প্ৰতিবাদকাৰীৰ ৷

CPI Protest in Morigaon
মৰিগাঁও জিলা আয়ুক্ত কাৰ্যলয়ৰ চৌহদ চি পি আইৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:39 PM IST

মৰিগাঁও জিলা আয়ুক্ত কাৰ্যলয়ৰ চৌহদ চি পি আইৰ প্ৰতিবাদ

মৰিগাঁও, 28 আগষ্ট: মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যজুৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে মৰিগাঁৱতো প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ দলীয় কৰ্মীয়ে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যৰ জৰিয়তে ৰাইজক প্ৰদান কৰা, পে’ট্ৰলজাত সামগ্ৰীক জি এছ টিত অন্তভূক্ত কৰা, মধ্যভোগী আৰু অসাধু ব্যৱসায়ীক নাকী লগোৱাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে চি পি আইৰ দলীয় কৰ্মীয়ে ৷

আনহাতে প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ জৰিয়তে সাতদফীয়া দাবী সম্বলিত এখন পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীলৈ ৷ সেই দাবীসমূহৰ ভিতৰত আছে চিণ্ডিকেটৰাজ বন্ধ কৰা, বণিয়া গোষ্ঠীৰ সৈতে অবৈধ সম্পৰ্ক বন্ধ কৰা, স্মাৰ্ট মিটাৰৰ দৌৰাত্ম্য আৰু সঘন বিজুলীৰ লুকাভাকু বন্ধ কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰা, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যৰ জৰিয়তে ৰাইজক প্ৰদান কৰা, পে’ট্ৰলজাত সামগ্ৰীক জি এছ টিৰ অন্তভূক্ত কৰা, মধ্যভোগী আৰু অসাধু ব্যৱসায়ীক নাকী লগোৱা ৷

সোমবাৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন মৰিগাঁও সমষ্টিৰ বিধায়ক মুনীন মহন্ত ৷ তেওঁ কয় যে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ হেঁচা প্ৰয়োগৰ অৰ্থে সমগ্ৰ ৰাজ্যতে জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৷ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ ইচ্ছাৰ অভাৱ ৷ তেওঁলোকে প্ৰকাৰন্তে নিমখৰ বাহিৰে কোনো সামগ্ৰী মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰা বুলি কৈ মুকলি বজাৰৰ মধ্যভোগী আৰু অসাধু ব্যৱসায়ীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৷ যি সকল অতি দৰিদ্ৰ তেওঁলোকক অতি সুলভ মূল্যত খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰক ৷

লগতে পঢ়ক:Minister Pijush Hazarika : গৌৰৱ গগৈয়ে প্ৰদ্যুৎ বৰদলৈৰ সমষ্টিত আহি অসুবিধাৰ সৃষ্টি কৰিছে;পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.