মৰিগাঁও,22 এপ্ৰিল: মৰিগাঁৱত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা । বুধবাৰে দুপৰীয়ালৈকে ক’ভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ বৃদ্ধি হৈ 98 গৰাকী হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, বাণিজ্যি মেলাৰ তিনিজন লোকৰ দেহৰ কৰ’ণা ভাইৰাছৰ উপস্থিতি । মৰিগাঁৱত বুধবাৰে দুপৰীয়া ভাগলৈকে দহজনৰ দেহত ধৰা পৰিছে ক’ভিড-19 ভাইৰাছৰ উপস্থিতি । 1 এপ্ৰিলৰ পৰা মঙলবাৰলৈকে ক’ভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা আছিল 88 গৰাকী । বুধবাৰে এই সংখ্যা বৃদ্ধি হৈ প্ৰায় 98 ঘৰ অতিক্ৰম কৰাৰ পথত ।
মৰিগাঁও জিলা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ দ্বাৰা সদৰী কৰা তথ্য অনুসৰি বুধবাৰে জিলাখন জাগীৰোড, চৰাইবাহী, কহুৱাআটী আৰু মৰিগাঁও অসামৰিক চিকিৎসালয়ত তিনিজনকৈ লোকৰ দেহত মহামাৰী কৰ’ণা উপস্থিতি ধৰা পৰে । উল্লেখ্য যে, মৰিগাঁও চহৰৰ মাজ-মজিয়াৰ গান্ধী ভৱন প্ৰাংগণত চলি থকা বাণিজ্য মেলাৰ তিনিজন ব্যৱসায়ীৰ দেহত ক’ভিড পজিটিভ উপস্থিতি ধৰা পৰাত মৰিগাঁও চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক: হুঁচৰি গোৱা ধনেৰে শিক্ষকে ৰং কৰিলে বিদ্যালয়ৰ চাৰিবেৰত