মৰিগাঁও,31 মে’: দেওবাৰে মৰিগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া প্ৰচেষ্টাত বিবেক এক্সপ্ৰেছেৰে অহা ২৭২ গৰাকী যাত্ৰীৰ জাগীৰোড ৰে’ল ষ্টেচনত স্থাপন কৰা ক’ভিড স্ক্ৰীনিং চেণ্টাৰত ক’ভিড টেষ্ট কৰা হয় ৷ তাৰে ভিতৰত ১১ গৰাকী যাত্ৰীৰ দেহত ক’ৰণাৰ স্থিতি পোৱা যায় ।
![সম্পূৰ্ন হৈছে জাগীৰোড ৰেল ষ্টেচনৰ কভিড টেষ্ট প্ৰক্ৰিয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-30may-covid-19-asc10013_30052021160038_3005f_1622370638_1077.jpg)
উল্লেখযোগ্য যে, বিগত তিনিদিন পূৰ্বে জাগীৰোড ৰে’ল ষ্টেচনত প্ৰায় দুই শতাধিক যাত্ৰীয়ে ক’ভিড ষ্টেট নকৰাকৈ পলাই যোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন ঠাইত এক আতংকময় পৰিস্থিতি সৃষ্টি হৈছিল । সেয়ে ষ্টেচনটোত পুনৰাই যাতে এনে পৰিস্থিতিৰ সূষ্টি নহয়, তাৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে আগতীয়াকৈ ক’ভিড ষ্টেটৰ ব্যৱস্থা কৰে ৷
লগতে পঢ়ক: ভৰা বেঁকীৰ বুকুত জীয়াই থকাৰ সংগ্ৰাম