ETV Bharat / state

মৰিগাঁৱত 477 গৰাকীলৈ বৃদ্ধি ক’ভিড আক্ৰান্ত ৰোগী - ক’ভিড-19 ৰ দ্বিতীয় ঢৌ

বৃহস্পতিবাৰৰ দিনটোত মৰিগাঁৱৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত 1233 গৰাকীকৈ লোকৰ ক’ভিড-19 ৰ পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰে 29 গৰাকীৰ দেহত ধৰা পৰে ক’ভিড পজিটিভৰ অৱস্থিতি। বৃহস্পতিবাৰৰ দিনটোত মৰিগাঁৱৰ কভিড ৰোগীৰ সংখ্যা 477 জনলৈ বৃদ্ধি।

মৰিগাঁৱত 477 গৰাকীলৈ বৃদ্ধি ক’ভিড আক্ৰান্ত ৰোগী

author img

By

Published : Apr 30, 2021, 6:40 AM IST

মৰিগাঁও, 30 এপ্ৰিল: দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত ক’ভিড-19 ৰ ভয়াৱহ সংক্ৰমণে ক্ৰমে গ্ৰাস কৰি পেলাইছে সকলো ৷ ক’ভিড-19 ৰ দ্বিতীয় ঢৌৱে ক্ৰমাৎ ভয়াৱহ কৰি তুলিছে পৰিস্থিতি ৷ বৃহস্পতিবাৰে মৰিগাঁৱত ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা 477 গৰাকীলৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।

বৃহস্পতিবাৰৰ দিনটোত মৰিগাঁৱৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত 1233 গৰাকীকৈ লোকৰ কভিড-19 ৰ পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰে 29 গৰাকীৰ দেহত ধৰা পৰে ক’ভিড-19 পজিটিভ । এপ্ৰিলৰ পৰা জিলাখনত মুঠ 33,044 গৰাকী লোকৰ ৰেপিড এন্টিজেন পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে 477 গৰাকীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে।

বৃহস্পতিবাৰলৈ মুঠ 75 গৰাকীক ৰোগীক আৰোগ্য লাভৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে । ইয়াৰে বৃহস্পতিবাৰে চিকিৎসাধীন 14 গৰাকীক অব্যাহতি দিয়া হৈছে । আনহাতে, ঘৰত থকা ৰোগীৰ সংখ্যা 387 আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ক্ৰমে 14 গৰাকী ৰোগী ।

লগতে পঢ়ক:দৰঙত নতুনকৈ ৮৭ গৰাকী ক'ভিড-19 ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.