ETV Bharat / state

কংগ্ৰেছ মুক্ত হ'ল মৰিগাঁও জিলা পৰিষদ

author img

By

Published : Jul 10, 2020, 11:50 PM IST

মৰিগাঁৱত জিলা পৰিষদৰ সভানেত্ৰী মজবোন নেহাৰ বিৰুদ্ধে গৃহীত অনাস্থা প্ৰস্তাৱ। কংগ্ৰেছ, বিজেপি,অগপ মিলি অনাস্থা প্ৰস্তাৱ আনে তেওঁৰ বিৰুদ্ধে ৷

congress-free-morigaon-zpc
মৰিগাঁৱৰ জিলা পৰিষদৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাব

মৰিগাঁও,10জুলাই : মৰিগাঁও জিলাত ১৩ খন আসন বিশিষ্ট মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰীৰ বিৰুদ্ধে গৃহীত অনাস্থা প্ৰস্তাৱ । কংগ্ৰেছ, বিজেপি,অগপ মিলি অনাস্থা প্ৰস্তাৱ আনে মৰিগাঁও জিলা পৰিষদত। কংগ্ৰেছৰ দখলৰপৰা মুক্ত হ'ল মৰিগাঁও জিলা পৰিষদ,ৰিজুমণি মালাকাৰক ভাৰপ্ৰাপ্ত সভানেত্ৰী ৰূপে দ্বায়িত্ব প্ৰদান।

ইপিনে 13 জনীয়া সদস্যৰে গঠিত জিলা পৰিষদ খনৰ বাৰ গৰাকী সদস্যই অনাস্থা প্ৰস্তাৱ আনে কংগ্ৰেছী সভানেত্ৰী মজবোন নেহাৰ বিৰুদ্ধে। কংগ্ৰেছ ,বিজেপি,অগপ সকলোৱে মিলি মুখ্য কাৰ্যবাহী বিষয়া গৰাকীৰ হাতত অনাস্থা পত্ৰ অৰ্পন কৰে। ইপিনে জানিব পৰা মতে অহা পোন্ধৰ দিনৰ ভিতৰত গঠন হ'ব নতুন সমিতি খন । এই সময় চোৱাত উপ-সভানেত্ৰী গৰাকীয়ে কাৰ্যালয় পৰিচালনাৰ দায়িত্বভাৰ অৰ্পণ কৰে মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে। বিভিন্ন সময়ত নিজৰ মইমতালিৰে কাম কৰি অহাৰ অভিযোগ তুলি শুকুৰবাৰে পৰিষদৰ সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে এই অনাস্থা প্ৰস্তাৱ আনে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ পেট্র'ল পাম্পত তেল ভেজাল কৰাৰ অভিযােগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.