ETV Bharat / state

ধেমাাজিৰ অভিশপ্ত দিনটোক সুঁৱৰি মৰিগাঁৱত শোকসভা

২০০৪ চনৰ ১৫ আগষ্টৰ সেই ঘটনা হয়তো আজিও মনত আছে আপোনাৰ(bomb blasting of 2004 in the day of 15th August) । দেশৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ ল'বলৈ যোৱা ১০ টি কৈ শিশু ত্ৰিৰংগ পতাকাৰ তলত পৰি ৰৈছিল তেজেৰে তুমুৰলি হৈ । ৰাজ্যৰ ইতিহাসত ক'লা দিৱস হিচাপে পৰিগণিত হৈছিল সেই দিনটো(Bomb blasting in Dhemaji at 15 August of 2004) । সেই দিনটোক সুঁৱৰি মৰিগাঁৱত পালন কৰা হয় শোকসভা ।

author img

By

Published : Aug 16, 2022, 1:54 PM IST

condolence meeting at morigaon district collector office
ধেমাাজিৰ অভিশপ্ত দিনটোক সুঁৱৰি মৰিগাঁৱত শোকসভা

মৰিগাঁও,১৬ আগষ্ট: স্বাধীনতা দিৱসৰ পিছদিনাই মৰিগাঁৱত এক বিশেষ কাৰ্যসূচী । ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত সংঘটিত হোৱা ইতিহাসৰ ক'লা দিন হিচাপে পৰিগণিত হোৱা সেই সময়ক সুঁৱৰি মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় শোকসভা(Bomb blasting in Dhemaji at 15 August of 2004) । মঙলবাৰে পুৱা ১১ বজাত উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ পৌৰাহিত্যত, ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচীত বোমা বিস্ফোৰণত নিহত ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকসকলৰ স্মৃতিত এখন শোক সভা অনুষ্ঠিত কৰি সকলো ধৰণৰ হত্যা, হিংসাৰ বিৰুদ্ধে শপত গ্ৰহণ কৰা হয় ।

স্বাধীনতা দিৱস বুলি ক'লেই যেন বুকু কঁপি উঠে ধেমাজিবাসীৰ ৷ ২০০৪ চনৰ ১৫ আগষ্টত নিষিদ্ধ ঘোষিত সংগঠন আলফাই সংঘটিত কৰা বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল দহটি কণ কণ শিশু আৰু তিনিগৰাকী মহিলাই ৷ তেতিয়াৰে পৰা স্বাধীনতা দিৱস আহিলেই বেদনাৰে ভাৰাক্ৰান্ত হৈ পৰে ধেমাজিবাসীৰ মন ৷ পৰৱৰ্তী সময়ত ধেমাজি মহাবিদ্যালয়ৰ চৌহদত পৃথকে পৃথকে নিহতসকলৰ স্মৃতিত দুটা শৌধ নিৰ্মাণ কৰা হয় ৷

কিন্তু পৰিতাপৰ বিষয় যে বছৰটোত মাত্ৰ এটা দিনতহে চাকি-বন্তি জ্বলাই সোঁৱৰণ কৰা হয় নিহতসকলক ৷ স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণতহে কেৱল পৰিষ্কাৰ কৰি চূণ-তেল লগাই দায়িত্ব সামৰে দল-সংগঠনে ৷ আনফালে, ধেমাজি মহাবিদ্যালয়ৰ চৌহদতে আছুৰ দ্বাৰা নিৰ্মিত বিশাল স্মৃতি স্তম্ভতো চাৰিওফালে এতিয়া কেৱল হাবি-জংঘলেৰে আৱৰি ধৰিছে ৷ সঘনাই পৰিষ্কাৰ নকৰাৰ ফলত বৰ্তমান চিনিব নোৱাৰা হৈছে শ্বহীদৰ স্মৃতিস্তম্ভবোৰ ৷

মঙলবাৰে অনুষ্ঠিত শোকসভাত শ্বহীদৰ স্মৃতি স্তম্ভবোৰ পৰিস্কাৰ কৰি উপযুক্তভাৱে সংৰক্ষণ কৰিবলৈ আহ্বান জনাই মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত লোকসকলে । জিলা উপায়ুক্তৰ উপৰিও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু,অতিৰিক্ত উপায়ুক্ত,চক্ৰ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৰ্মচাৰীৰ সকল উপস্থিত থাকে এই বিশেষ অনুষ্ঠানত ।

লগতে পঢ়ক: বিহালীত স্বাধীনতা দিৱস উপলক্ষে ৰক্তদান কাৰ্যসূচী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.