মৰিগাঁও, 17 জানুৱাৰী : আজি মাঘ মাহৰ দ্বিতীয়টো দিন ৷ মাঘ বিহু তথা ভোগালী বিহুৰ সময়ত মাছ ধৰা কাৰ্য অসমীয়া জনজীৱনৰ এক সুলভ দৃশ্য (Fishing during Magh Bihu)৷ ব্যতিক্ৰম নহয় মৰিগাঁও জিলা ৷ মৰিগাঁও জিলাৰ ঐতিহাসিক উদপুৰ বিলত মঙলবাৰে সহস্ৰাধিক লোক সমূহীয়া মৎস চিকাৰত(Community fishing) নমা দেখা গ’ল ৷ চহা অসমীয়াৰ তথা শিলচাং তিৱা খলাদেউৰজাৰ ৰাজ্যৰ উদপুৰ বিলত আনুষ্ঠানিকভাৱে মাছ ধৰে হাজাৰ হাজাৰ থলুৱা লোকে ।
‘‘উদপুৰ বিলতে চেপাটি পাতিলো, মাগুৰ মাছ এহালি পালোঁ । নিজেও নাখালোঁ আনকো নিদিলোঁ ধনলৈ সাঁচি থলোঁ’’ ।- প্ৰচলিত আছে এই বিহুৰ যোজনা ৷ সেই অনুসৰিয়েই মঙলবাৰে মৰিগাঁৱৰ ঐতিহাসিক উদপুৰ বিলত(Udpur Beel in Morigaon) সমূহীয়া মৎস চিকাৰত নামিল কেইবা সহস্ৰাধিক গঞা ।
মঙলবাৰে ঐতিহাসিক তথা প্ৰাচীন মধ্য অসমৰ সাতোৰজা পাচো ৰজাৰ অন্যতম তিৱা খলাদেউৰজাৰ মা কালিথানৰ পূজাৰী ৰঞ্জু দেউৰীয়ে বিলৰ পাৰত ধূপধূনা লৈ জলদেৱতাক ধূপ দীপ জ্বলাই ,পূজা কৰি আতচবাজী ফুটোৱাৰ পিছতে হাজাৰ-হাজাৰ মাছমৰীয়া উদপুৰ বিলত নামি পৰে মৎস চিকাৰত । জাল, জুলুকি, পল, জাকৈ, খালৈ আদি মৎস চিকাৰৰ সজুঁলি লৈ উদপুৰ বিলত মাছ ধৰাত নামি পৰে (Fishing in Udpur Beel)৷
বিলত মাছ ধৰাসকলৰ সমান্তৰালকৈ সমূহীয়া মাছধৰা পৰ্ব চাবলৈ বিলৰ পাৰত হাজাৰ-হাজাৰ লোক সমবেত হয় । মাছ পাওক কিম্বা নাপাওক সেয়া ডাঙৰ কথা নহয় ৷ সকলোৱেই এই বিশেষ দিনটোত উদপুৰ বিলৰ পাৰলৈ আহি মাছ ধৰাৰ চলেৰে এপাক নাচি, গীত গাই আনন্দ উল্লাস কৰা দেখা গ’ল ৷
এক কথাত ক’বলৈ গ’লে ঐতিহাসিক শিলচাং খলা দেউৰজাৰ উদপুৰ বিলত এই সমূহীয়া মাছধৰা পৰ্বৰ জৰিয়তেই প্ৰতিকী তিৱা ৰজা প্ৰবীণ দেউৰজাই প্ৰাচীন শিলচাঙত অব্যাহত ৰাখিছে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজৰ সম্প্ৰীতি ।
উল্লেখ্য যে, মৰিগাঁৱৰ ঐতিহাসিক উদপুৰ বিলখনৰ মাটিকালি প্ৰায় 70 বিঘাৰো অধিক ৷ কিন্তু বিলখন সংৰক্ষণৰ বাবে এই পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন ঐতিহাসিক স্থানসমূহ বেদখলৰ কবলত পৰাৰ সময়ত উক্ত বিলখনক লৈও চিন্তিত হৈ পৰিছে স্থানীয় লোক ৷ বিলখনৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় লোকসকলে ৷
লগতে পঢ়ক: Jujube cultivation in Dhubri: বগৰী খেতিৰে স্বাৱলম্বী ধুবুৰীৰ খেতিয়ক