মৰিগাঁও, 24 ডিচেম্বৰ : "জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ নেতৃত্বত জাগীৰোডলৈ উন্নয়নৰ গংগা নামি আহিছে ৷ ৰাজ্যৰ এনে এটা সমষ্টি নাই য’ত একে দিনাই 114.17 কোটি টকাৰ আঁচনি একেদিনাই শুভ উদ্বোধন কৰিছে ৷" দেওবাৰে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ জাগীৰোড উৰণ সেতু উদ্ধোধন কৰি এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে জাগীৰোড কাগজকলত ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ ভিতৰতে জাগীৰোড সমষ্টিটোক জাকত জিলিকা কৰি তোলা হ’ব ৷
উল্লেখ্য যে, দেওবাৰে জাগীৰোডত নৱনিৰ্মিত জাগীৰোড-মৰিগাঁও সংযোগী ৰে’লৱে উৰণ সেতুৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উৰণ সেতুৰ লগতে জাগীৰোড পৰিদৰ্শন বাংলা, চাইকেল ট্ৰেক আৰু 700 আসনযুক্ত শীততাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহ মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 5 টকাকৈ অভিলাষী প্ৰকল্প উদ্বোধন কৰি জাগীৰোড কাগজ কলত ৰাইজক সম্বোধন কৰে ৷
উল্লেখ্য যে, জাগীৰোড ৰে’লৱে ক্ৰচিঙৰ বাবে জাগীৰোডৰ লগতে মৰিগাঁও জিলাবাসীয়ে দীৰ্ঘদিন ধৰি ব্যাপক যানজঁটৰ সমস্যাৰ সন্মুখীন হ’বলগা হৈছিল ৷ সংকটজনক ৰোগী গুৱাহাটীলৈ নিয়াৰ পথত ঘন্টাৰ পিচত ঘন্টা ৰ'ব লগা হৈছিল ৰে’লৱে গেটত ৷ অৱশেষত আজি মুকলি হোৱা বহু প্ৰত্যাশিত উৰণ সেতুখনে ৰাইজৰ দীৰ্ঘদিনীয়া এই সমস্যা দূৰ কৰিব বুলি আশা কৰা হৈছে ৷ 700 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন 85.96 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ৷
দেওবাৰৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত, জাগীৰোডৰ বিধায়ক তথা অসম চৰকাৰৰ জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, নগাঁও বিধায়ক ৰূপক শৰ্মা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, ৰহাৰ বিধায়ক শশীকান্ত দাস, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওগৰ উপৰিও নগাঁও আৰু মৰিগাঁও জিলা বিজেপিৰ দুই সভাপতিৰ লগতে বহু কেইগৰাকী বিজেপিৰ নেতা-কৰ্মীয়ে ৷
লগতে পঢ়ক : আজি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰিব জাগীৰোড-মৰিগাঁও সংযোগী পথত থকা উৰণ সেতু