ETV Bharat / state

লক ডাউন 4.0: মৰিগাঁৱৰ মৃৎশিল্পীসকলৰ দুৰাৱস্থা

author img

By

Published : May 22, 2020, 4:07 PM IST

ৰাজ্যৰ এখন মৃৎ শিল্পৰ গাঁওৰূপে পৰিচিত মৰিগাঁও-নগাঁৱৰ সীমান্তৱৰ্তী কুমাৰগাঁৱত লক ডাউনৰ বাবে হাহাকাৰ পৰিস্থিতি ৷ লক ডাউনৰ ফলত ব্যৱসায়ত লোকচান হৈছে কুমাৰ গাঁওবাসীৰ । মৃৎশিল্পৰে জীৱিকা নিৰ্বাহ কৰা গাঁওবাসীয়ে বিচাৰিছে চৰকাৰী সাহাৰ্য ৷

মৰিগাঁৱৰ মৃৎশিল্পীসকলৰ দুৰাৱস্থা
মৰিগাঁৱৰ মৃৎশিল্পীসকলৰ দুৰাৱস্থা

মৰিগাঁও, 22 মে’: মৰিগাঁও-নগাঁৱৰ সীমান্তৱৰ্তী কুমাৰ গাঁওবাসীৰ জীৱিকা নিৰ্বাহৰ একমাত্ৰ সম্বল হৈছে মৃৎশিল্প । গাঁওখনৰ পুৰুষ-মহিলা, আৱাল-বৃদ্ধ-বনিতা সকলোৱে এই কৰ্মৰ সৈতে জড়িত । তেওঁলোকে প্ৰতিদিনে নিৰ্মাণ কৰি উলিয়ায় শ-শ মাটিৰ কলহ, টেকেলি, মাটিৰ চাকি আদি বিভিন্ন ধৰণৰ মাটিৰে তৈয়াৰী সামগ্ৰী । উল্লেখ্য যে, মাইক্ৰ ফাইনেন্সসমূহৰ পৰা ঋণ লৈ ব্যৱসায় কৰি আছে কুমাৰ গাঁওবাসীয়ে । কিন্তু শেহতীয়া লক ডাউনৰ ফলত যেন পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে মৃৎশিল্পীসকলৰ ৷

মৰিগাঁৱৰ মৃৎশিল্পীসকলৰ দুৰাৱস্থা

প্ৰতিদিনে মাটিৰ সামগ্ৰীসমূহ বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দি অহা গাঁওবাসীয়ে এতিয়া বজাৰ বন্ধ হোৱাৰ ফলত পৰিয়ালসমূহৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । আনহাতে, ব্যৱসায়ৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰিছে যদিও সৰহ সংখ্যক লোক এই আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে । খাদ্য সংকটে দেখা দিয়া এই পৰিয়ালসমূহে এতিয়া বিচাৰিছে হৃদয়ৱান লোকৰ সহায়ৰ হাত আৰু চৰকাৰী সাহাৰ্য । সংবাদ মাধ্যমৰ যোগেদি দুখ প্ৰকাশ কৰিছে কুমাৰ গাঁওবাসী ৰাইজে ৷

লগতে পঢ়ক: সৰ্থেবাৰী ৰাজহ চক্ৰৰ 5টাকৈ স্থানত কোৱাৰেইণ্টাইন চেণ্টাৰ স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.