মৰিগাঁও,৭ মে': অসমৰ দুটা সংগঠনৰ মাজত সংঘাত আৰম্ভ হৈছে (Clash between two organisations of Assam)। সংগঠন দুটা ক্ৰমে অসমীয়া যুৱ মঞ্চ আৰু সদৌ অসম নাথ-যোগী যুৱ পৰিষদ । অসমীয়া যুৱ মঞ্চৰ দুই নেতাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাথ-যোগী যুৱ পৰিষদে এজাহাৰো দাখিল কৰিছে । সদৌ অসম নাথ যোগী যুৱ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়েও মৰিগাঁও থানাত এজাহাৰ দাখিল কৰিছে ।
অভিযোগ অনুসৰি অসমীয়া যুৱ মঞ্চৰ (Asomiya Yuva Manch) দুই নেতা ক্ৰমে দিপাংকৰ নাথ আৰু আকাশ শইকীয়াই নাগাৰা নামৰ শিল্পী কৰিশ্মা নাথৰ গামোচা বিৰ্তকক লৈ সামাজিক মাধ্যমত বিস্ফোৰক মন্তব্য কৰিছিল । কৰিশ্মা নাথক ৰাজহুৱা স্থানত শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ কথাও কৈছিল দুই নেতাই । আনকি অসমীয়া যুৱ মঞ্চৰ দুই নেতাই প্ৰাদেশিক যোগী সন্মিলনী, সদৌ অসম নাথ-যোগী যুৱ পৰিষদ,সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাক পাবত গজা সংগঠন আৰু নিশাৰ ভিতৰতে গঢ় লৈ উঠা সংগঠন বুলিও টুলুঙা মন্তব্য কৰিছিল । যাৰবাবে নাথ-যোগী জনগোষ্ঠীটোৰ সংগঠনসমূহ জাঙুৰ খাই উঠিছে ।
লক্ষীমপুৰ জিলাৰ দীপাংকৰ নাথৰ বিৰুদ্ধে অসমৰ প্ৰায়বোৰ জিলাতে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে নাথ-যোগীৰ সংগঠনসমূহে (FIR against Asomiya Yuva Manch leader)। শনিবাৰে সদৌ অসম নাথ-যোগী যুৱ পৰিষদৰ (Assam Nath Jogi Parishad) মৰিগাঁও জিলা সমিতিৰ সভাপতি নিতুমনি নাথ আৰু সম্পাদক অমৰজ্যোতি নাথে সংগঠনটোৰ বিষয়-ববীয়াসকলক লগত লৈ মৰিগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ।
বিশেষকৈ অসমৰ পটভূমিত ভাৰতৰ স্বাধীনতা আন্দোলনত, পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ লগতে অসমৰ সৰ্ববৃহৎ অসম আন্দোলনত ১৪০ জনকৈ নাথ-যোগী জনগোষ্ঠীৰ লোক শ্বহীদ হৈছিল বুলিও দাবী কৰে সংগঠনটোৱে । ইয়াৰোপৰি ১৯১৯ চনতে গঠন হোৱা অসম প্ৰাদেশিক যোগী সন্মিলনীৰ নেতৃত্বত ১৯৬৮ চনত সদৌ অসম নাথ যোগী যুৱ পৰিষদ গঠন হৈছিল ।
অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতি আৰু একতাৰ বান্ধোনেৰে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাই জাতীয় স্বাৰ্থত জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি আহিছে । তেনেস্থলত অসমীয়া যুৱ মঞ্চ নামৰ এটা জাতীয় সংগঠনৰ দুই নেতাই জাতীয় সংগঠনটোৰ বিৰুদ্ধে কৰা মন্তব্য দিবলৈ সাহস ক'ত পালে বুলিও প্ৰশ্ন কৰে নাথ-যোগী যুৱ পৰিষদে ।
এনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰাৰ লগতে অসমীয়া যুৱ মঞ্চৰ দুই নেতাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় সদৌ অসম নাথ যোগী যুৱ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে ।