ETV Bharat / state

Childrens Day 2022: টেঙাগুৰি প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন

author img

By

Published : Nov 14, 2022, 8:56 PM IST

মৰিগাঁও জিলাৰ টেঙাগুৰি প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় শিশু দিৱস (Childrens Day celebrates in Morigaon)। ইয়াৰ অংশস্বৰূপে বিদ্যালয়ত পুৱা দহ বজাত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে টেঙাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গৰিমা ডেকাই । ইয়াৰ পিছতে অভিভাৱক, পৰিচালনা সমিতি সমন্বিতে ছাত্ৰ-ছাত্ৰীসকলে এখনি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে ৷

Childrens Day celebrated at Morigaon Primary School
টেঙাগুৰি প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন

মৰিগাঁও, 14 নৱেম্বৰ: আজি শিশু দিৱস (Childrens Day) । পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে প্ৰত্যক বছৰৰ 14 নৱেম্বৰৰ দিনটো সমগ্ৰ দেশত শিশু দিৱস হিচাপে উদযাপন কৰা হয় । এই উপলক্ষে আজি ৰাজ্যৰ ভিন্ন স্থানত শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুসকল লৈ অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচীৰ (Childrens Day celebrations in Assam) ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ টেঙাগুৰি প্ৰাথমিক বিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয় । ইয়াৰ অংশস্বৰূপে বিদ্যালয়ত পুৱা দহ বজাত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে টেঙাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গৰিমা ডেকাই । ইয়াৰ পিছতে অভিভাৱক, পৰিচালনা সমিতি সমন্বিতে ছাত্ৰ-ছাত্ৰীসকলে এখনি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে ৷

সাংস্কৃতিক অনুষ্ঠানটো উদ্বোধন কৰে মণ্ডল সমল কেন্দ্ৰৰ বিষয়াই । দুপৰীয়াৰ ভাগত হস্তকলা প্ৰদৰ্শনী দ্বাৰৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলা সৰ্বশিক্ষা অভিযানৰ শিক্ষা আচঁনি বিষয়া ৰাজেন গোস্বামীয়ে । উদ্বোধক ৰাজেন গোস্বামীয়ে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে অংকণ কৰা চিত্ৰ প্ৰদৰ্শন কৰি অভিভূত হৈ পৰা বুলি মন্তব্য কৰাৰ সমান্তৰালকৈ বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ পূৰ্বৰ তুলনাত উন্নত হোৱাৰ বিষয়েও উল্লেখ কৰে ।

লগতে পঢ়ক: Children's day: শিশুৰ মানসিক স্বাস্থ্যৰ যতনৰ সময়ত কি কৰা উচিত-অনুচিত জানো আহকচোন

বিদ্যালয়খনৰ শিশুসকলৰ এই বিশেষ দিনটোৰ উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা দেখা গ’ল । নৃত্য-গীত, কবিতা আবৃত্তি আদিৰ মাজৰে আজিৰ শিশু দিৱসটি উদযাপন কৰা লগতে কণ কণ শিশুসকলৰ দ্বাৰা এখনী সাংস্কৃতিক শোভাযাত্ৰাও বাহিৰ কৰে । শিশু দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলা মিডিয়া ক্লাৱ, মৰিগাঁৱৰ সভাপতি ৰাতুল ডেকাই আগবঢ়াই বক্তব্য ।

শিশু দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি খগেন বৰদলৈ, সমাজ সেৱক খিতেশ্বৰ বৰদলৈ, সোমেশ্বৰ পাটৰকে আদি কৰি বহুকেইজন আগশাৰী ব্যক্তি। অনুষ্ঠানটোত সংবাদকৰ্মীসকলকো আদৰণি জনোৱা হয় ।

লগতে পঢ়ক: Google Doodle: Doodle for Google ইণ্ডিয়াৰ প্ৰতিযোগিতাত উজ্বলিল কলকাতাৰ ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.