ETV Bharat / state

জাগীৰোডত অভিভাৱকহীন কন্যা শিশু উদ্ধাৰ

author img

By

Published : May 28, 2021, 2:20 PM IST

জাগীৰোডত উদ্ধাৰ এটি কন্যা শিশু । জাগীৰোডৰ শুকান মাছৰ বজাৰত অকলশৰে ঘূৰি থকা অৱস্থাত উদ্ধাৰ হয় শিশুটি । সম্প্ৰতি জাগীৰোড আৰক্ষী থানাত ৰখা হৈছে শিশুটিক ।

girl child recover
জাগীৰোডত উদ্ধাৰ ফুল কুমলীয়া কন্যা শিশু

মৰিগাঁও, ২৮ মে': ক'ভিড পৰিস্থিতি, সান্ধ্য আইনৰ মাজতে জাগীৰোডত উদ্ধাৰ হয় এটি কন্যা শিশু । জাগীৰোডৰ শুকান মাছৰ বজাৰত অকলশৰে ঘূৰি থকা অৱস্থাত উদ্ধাৰ হয় শিশুটি । প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২৪ মে'ৰ দিনাখন জাগীৰোডৰ ABC কলনীৰ বিকাশ কুমাৰ জেনা নামৰ এজন কৰ্মচাৰীয়ে শিশুটিক অকলশৰে ঘূৰি থকা অৱস্থাত উদ্ধাৰ কৰে কন্যা শিশুটিক । ক'ৰ পৰা আহিছে, ঘৰ ক'ত, কোন কোন আছে ঘৰত ইত্যাদি প্ৰশ্ন সুধিছিল যদিও শিশুটিয়ে কোনো ধৰণৰ উত্তৰ নিদিয়াত পৰৱৰ্তী সময়ত বিকাশ কুমাৰ জেনাই জাগীৰোড আৰক্ষীৰ হাতত গতাই দিয়ে ।

সম্প্ৰতি শিশুটিক জাগীৰোড আৰক্ষী থানাত ৰখা হৈছে । উদ্ধাৰ হোৱা কন্যা শিশুটিৰ বয়স প্ৰায় ৫ বছৰ মান হ'ব বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । জাগীৰোড আৰক্ষী থানাতেই শিশুটিয়ে আনন্দ মনেৰে সময় পাৰ কৰিছে । উল্লেখ্য যে, শিশুটিয়ে কোনো ধৰণৰ তথ্য দিয়াত অপাৰগ হোৱাত কোনো সদাশয় ব্যক্তিয়ে শিশুটিৰ পৰিচয় লাভ কৰিলে পৰিয়ালক খবৰ দিয়াৰ লগতে সমীপৱৰ্তী আৰক্ষী থানাত খবৰ দিবলৈ আহ্বান জনায় জাগীৰোড গাঁওৰক্ষী বাহিনীয়ে ।

লগতে পঢ়ক: মাধৱদেৱৰ আবিৰ্ভাৱ তিথিত নিমাওমাও পৰিৱেশ পাটেকীবড়ি সত্ৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.