ধিঙ, 10 ডিচেম্বৰ: চৰকাৰী খণ্ডৰ শিক্ষাৰ্থী সকলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্য প্ৰতি বছৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাবে আয়োজিত হৈ অহা মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাৰ 2019 বৰ্ষৰ ফলাফল অলপতে ঘোষণা কৰা হয় ৷ সদ্যঘোষিত ফলাফলত আশানুৰূপ ফলাফল লাভ কৰাত সন্তুষ্টি প্ৰকীশ কৰিছে মৈৰাবাৰী এম ই মাদ্ৰাছাৰ সমূহ শিক্ষাগুৰুয়ে ৷
উক্ত পৰীক্ষাত মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত মৈৰাবাৰী এম ই মাদ্ৰাছাৰ পৰা অৱতীৰ্ণ হোৱা মুঠ 20 গৰাকী পৰীক্ষাৰ্থীৰ প্ৰতি গৰাকীয়েই সফল হোৱাত উত্তীৰ্ণ পৰীক্ষাৰ্থী সকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে এখনি বিশেষ সভা অনুষ্ঠিত কৰা হয় ৷

ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ ক'ভিড নিৰ্দেশনা মানি আয়োজন কৰা এই সভাত সভাপতিত্ব কৰে প্ৰধান শিক্ষক হিবজুৰ ৰহমান খানে ৷ শিক্ষক, ছাত্ৰ ছাত্ৰী, আৰু অভিভাৱকৰ পূৰ্ণ সহযোগিতাৰ বাবে এনে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰধান শিক্ষক গৰাকীয়ে মন্তব্য কৰে ৷
শিক্ষক ৰুফুল আমিনে উদ্দেশ্য বাখ্যা কৰা উক্ত সম্বৰ্ধনা সভাত বৰথল দলৈগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কুদ্দুচ আৰু অৱসৰ প্ৰাপ্ত বিষয় শিক্ষক তথা ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত সমাজ সেৱক আব্দুল গফুৰ উপস্থিত থাকি ভাষণ প্ৰদান কৰে।
প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ অভিভাৱক উপস্থিত থকা সম্বৰ্ধনা অনুষ্ঠানত মৈৰাবাৰী জিলা পৰিষদৰ সদস্যা আবিদা বেগম, মৈৰাবাৰী পঞ্চায়তৰ সভানেত্ৰী শ্বাহনাজ চুলতানা, মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি শ্বৰিফ উদ্দিন আহমেদ আৰু চি আৰ চি চি ইকবাল হুছেইন উপস্থিত থাকি কৃতি ছাত্ৰ ছাত্ৰী সকলক ফুলাম গামোচা আৰু একোখনকৈ মান পত্ৰৰে সম্বৰ্ধনা জনায়।
লগতে পঢ়ক:তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰিপুন বৰা