ETV Bharat / state

মৰিগাঁৱত বানাক্ৰান্তক সাহাৰ্য দিয়াৰ নামত প্ৰবঞ্চনা - মৰিগাঁৱত বিধায়কৰ ঘনিষ্ঠ বুলি পৰিচয় দি বানাক্ৰান্তক সাহায্য দিয়াৰ নামত মহিলাক প্ৰবঞ্চনা

মৰিগাঁৱৰ বাখৰবড়ীত উত্তেজনা । মৰিগাঁৱত বিধায়কৰ ঘনিষ্ঠ বুলি পৰিচয় দি বানাক্ৰান্তক সাহায্য দিয়াৰ নামত মহিলাক প্ৰবঞ্চনা৷ জিয়াৰু ৰহমান ওৰফে বেল নামৰ প্ৰৱঞ্চকক ৰাইজৰ লপা থপা৷

বানাক্ৰান্তক সাহাৰ্য্য দিয়াৰ নামত প্ৰবঞ্চনা
author img

By

Published : Aug 17, 2019, 11:27 AM IST

মৰিগাঁও, 17 আগষ্টঃ মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু তেওঁৰ ব্যক্তিগত সহায়কৰ নাম লৈ বানাক্ৰান্তক ক্ষতি পূৰণ দিয়াৰ প্ৰলোভন দিয়া প্ৰবঞ্চকক ৰাইজৰ উত্তম মধ্যম। জিয়াৰু ৰহমান ওৰফে বেল নামৰ প্ৰৱঞ্চকে বাখৰবড়ী গাঁৱত বানাক্ৰান্ত লোকক ক্ষতি পূৰণ দিয়াৰ নামত দুহেজাৰ এশ পঞ্চাশ টকাকৈ সংগ্ৰহ কৰিছিল । ৰাইজক চেন্ট্ৰেল বেংকত একাউন্ট খোলাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ জিয়াৰু ৰহমানৰ বিৰুদ্ধে৷

বানাক্ৰান্তক সাহাৰ্য্য দিয়াৰ নামত প্ৰবঞ্চনা

কেৱল সেয়াই নহয় এই সকল সাধাৰণ ৰাইজক ৩০হাজাৰকৈ ক্ষতি পূৰণ দিয়াৰো কথা কৈছিল ৰহমানে৷ পিছে প্ৰৱঞ্চকটোৰ প্ৰকৃত উদ্দেশ্য জানিব পাৰি উত্তেজিত ৰাইজে কৰায়ত্ত কৰাত পৰিৱেশ অধিক উত্তপ্ত হৈ পৰে৷ অৱশেষত ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ প্ৰৱঞ্চকটোক ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায় । ঘটনা সন্দৰ্ভত অধিক তদন্তৰ পিচতহে পোহৰলৈ আহিব প্ৰকৃত সত্য৷

লগতে পঢ়কঃ মৰিগাঁৱত অবৈধ বাংলাদেশীক ডিটেনেচন কেম্পলৈ প্ৰেৰণ

Intro:মৰিগাঁৱত বিধায়কৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া ঠগ'প্ৰবঞ্চক শিশুপাল খেদা বানাক্ৰান্তৰ। বানাক্ৰান্তক সাহাৰ্য্য দিয়াৰ নামত মহিলাক প্ৰবঞ্চনা বেল নামৰ এটা দগাবাজৰ। এই সন্দসন্দৰ্ভত চাওক এক প্ৰতিবেদন।Body:মৰিগাঁৱৰ বাখৰবড়ীত উত্তেজনাময় পৰিস্থিতি ।এটা ঠগ প্ৰবঞ্চক ধৰি ৰাইজৰ লপাথপা। ঘটনাৰ বিৱৰণী মতে
মৰিগাঁও সদৰ সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী আৰু তেওঁৰ পি.এ.ৰ নাম লৈ বানত আক্রান্ত হোৱা লোকক ক্ষতি পূৰণ দিম বুলি কোৱা প্রবঞ্চকক ৰাইজৰ উত্তম মাধ্যম। এই ঘটনা সংঘটিত হয় মৰিগাঁৱৰ বাখৰবড়ীত ।এইজন প্রবঞ্চক আৰু চোৰ ডকাইতি কাণ্ডৰ লগত জড়িত থকা জিয়াৰু ৰহমান ওৰফে বেল। এই অপৰাধীটোৱে বাখৰবড়ী গাঁৱত বানাত আক্রান্ত হোৱা লোকক ক্ষতি পূৰণ দিম বুলি ২১৫০ শ টকাকৈ ধন সংগ্রহ কৰিছিল।কাৰণ তেওঁ বোলে বিজেপিৰ কৰ্মী আৰু মৰিগাঁও এম.এল.এ আৰু পি.এ ৰ লগত তেওঁ ঘনিষ্ঠ।সেয়েহে ৰাইজক চেন্টেল বেংকট একাউন্ট খুলিবলৈ বাবে ধন সংগ্ৰহৰ কৰাত নামিল খলনায়ক বেল।
পিছে বিলৰ মূৰতে পৰিল বানাক্ৰান্তৰ বেল।
দিলে ঔকিল,চৰ ভূকু,গোৰ মুঠতে ঔকিল পৰিল ভূৱা সমাজসেৱী বেলৰ ওপৰত। অৱশেষত যেনিবা মৰিগাঁও আৰক্ষী গৈ উত্তেজিত ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি থানালৈ নিয়ে।
।এই সকল সাধাৰণ ৰাইজক ৩০হাজাৰকৈ ক্ষতি পূৰণ দিয়াৰ কথা কৈছিল।অৱশেষত ৰাইজে অপৰাধী জিয়াৰু ৰহমানৰ কৰ্ম কাণ্ডত সন্দেহ হোৱাত গাঁৱত আৱদ্ধ কৰি ৰাখি উত্তম মাধ্যম সোঁধাই মৰিগাঁও আৰক্ষীক গতাই দিয়ে।
এই জিয়াৰু ৰহমান পূৰ্বৰ পৰা চুৰি ডকাইতি আৰু প্রৱঞ্চকৰ কামত জড়িত হৈ আহিছিল।
Byte:প্রবঞ্চক
Byte:ভোক্তভোগী,মহিলা ।
হয় এনেদৰেই বহুতক বেল বনাই শনিবাৰে নিজেই বিল হৈ পৰিল বেচেৰা জিয়াউৰ ওৰফে বেল।Conclusion:হয় ইয়াকে কয় বোলে এশ গৰু মাৰিলে বাঘৰো মৰণ। গতিকে আপুনি ও সজাগ আৰু সচেতন হবৰ হল। নহলে বান সাহাৰ্য্য দিয়াৰ নামত আপোনাকো বনাব পাৰে বেল।

Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.