ETV Bharat / state

CAA বিৰুদ্ধে মৰিগাঁৱত পাঁচ তিৱা সংগঠনৰ প্ৰতিবাদ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো অব্যাহত আছে কা বিৰোধী আন্দোলন ৷

মৰিগাঁৱত পাঁচ তিৱা সংগঠনৰ প্ৰতিবাদ
মৰিগাঁৱত পাঁচ তিৱা সংগঠনৰ প্ৰতিবাদ
author img

By

Published : Feb 12, 2020, 1:49 AM IST

মৰিগাঁও, 12 ফেব্ৰুৱাৰীঃ মৰিগাঁৱত পাঁচ তিৱা সংগঠনৰ তীব্ৰ প্ৰতিবাদ । মঙলবাৰে মৰিগাঁৱৰ বিহুতলীত পাঁচ তিৱা জাতীয় সংগঠনৰ নেতৃত্বত কা বিৰোধীৰ সমান্তৰালভাৱে তিৱা স্বায়ত্ব পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, ৰাজধানী সম্প্ৰসাৰণ বন্ধ কৰা, ট্ৰাইবেল বেল্ট এণ্ড ব্লক সমূহৰ পৰা বেদখল মুক্ত কৰাকে ধৰি কেইবাদফীয়া দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

মৰিগাঁৱত পাঁচ তিৱা সংগঠনৰ প্ৰতিবাদ

মৰিগাঁও বিহুতলীত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অংশ লৈ সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, তিৱা সুৰক্ষা সমিতি, তিৱা মহিলা কল্যাণ সমিতি, তিৱা সাংস্কৃতিক সমাজকে ধৰি পাঁচ তিৱা সংগঠনে ৷ বিজেপি চৰকাৰক সকিয়নী প্ৰদান কৰাৰ লগতে বিধায়ক ৰমাকান্ত দেউৰীক সমালোচনা কৰি বিভিন্ন প্ৰতিবাদী শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে পাঁচ সংগঠনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.