ETV Bharat / state

MLA Ramakanta Deori: সততা তথা নিষ্ঠাৰে বাতৰি পৰিৱেশন কৰিবলৈ সাংবাদিকক পৰামৰ্শ ৰমাকান্তৰ দেউৰীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 7:25 AM IST

মৰিগাঁও জিলাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত মৰিগাঁও জিলাৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৰাজনীতিৰ কেইবাটাও বিষয়ৰ লগতে সাংবাদিকসকলক তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতিও পৰামৰ্শ দিয়ে ৷

MLA Ramakanta Deori comments on journalists
সাংবাদিকসকলক সততা আৰু নিষ্ঠাৰে বাতৰি পৰিৱেশন কৰিবলৈ পৰামৰ্শ ৰমাকান্তৰ দেউৰীৰ

মৰিগাঁও, 29 ছেপ্টেম্বৰ : "সাংবাদিকতা হৈছে এখন নিৰপেক্ষ দোকান । দোকান মেলি ৰৈ থাকক । যেতিয়া যি চৰকাৰ আহে সেই ফালেই জপাই থ'ব ।" বৃহস্পতিবাৰে মৰিগাঁও কলা বীথিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ এক সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰি এই মন্তব্য কৰে মৰিগাঁও জিলাৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

বৃহস্পতিবাৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতিৰ আতিথ্যত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্বৰ্দ্ধনা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠান উদ্বোধন কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিধায়ক গৰাকীয়ে কয় যে, সাংবাদিকতা হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ । সততাৰে নিষ্ঠাৰে বাতৰি পৰিৱেশন কৰাটো ইয়াৰ দায়িত্ব ৷

ইফালে সাংসদ গৌৰৱ গগৈ আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও সংসদীয় সমষ্টিটোত নিৰ্বাচন খেলাক লৈ চলা চৰ্চাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি দেউৰীয়ে কয়, "প্ৰত্যেকটো ৰাজনৈতিক দলৰ নিজা নিজা ইস্তাহাৰ আছে ৷ নিজৰ ভেঁটিতো সাংগঠনিকভাৱে সবল কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰ দায়িত্ব আৰু কৰ্তব্য ৷ প্ৰতিটো দলে বিশাল সভা পাতি ৰাইজৰ মাজলৈ যাব ৷ মই নিজেই যিহেতু বিজেপিৰ মানুহ গতিকে ৰাইজ বিজেপিৰ পক্ষত আছে বুলিয়েই মই এতিয়া ক’ম ৷"

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মুখপত্ৰ জাগ্ৰত প্ৰহৰীক উন্মোচন কৰে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । সমাজৰ বিভিন্ন দিশ সামৰি মুখপত্ৰখন মনোগ্ৰাহীকৈ ছপা কৰি পাঠকৰ হাতত তুলি দিয়াৰ বাবে উন্মোচক জীৱন চন্দ্ৰ কোঁৱৰে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ।

একেদৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই গ্ৰন্থকাৰ হৰমোহন কলিতাৰ ৰচনা একুকি গল্পৰ সুবাস শীৰ্ষক গল্প সংকলনখন উন্মোচন কৰে । অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই জনোৱা মতে এই অনুষ্ঠানতে মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক পৱন জ্যোতি ডেকাক ঐতিহ্যমণ্ডিত চাৰণপৰীয়া সাংবাদিকতা বঁটা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি জ্যোতিৰ্ময় গোস্বামীক যুৱ সমাজ সংগঠকৰ বঁটা, ডাঃ নিতুল দাসক চিকিৎসক বঁটা প্ৰদান কৰাৰ উপৰিও আন আন ক্ষেত্ৰৰ বহুকেইগৰাকী সমাজ হিতৈষীক সম্বৰ্দ্ধনা জনোৱা হয় ।

লগতে পঢ়ক: Ek Asom Yatra: বিজেপি দলে অসমখন এক হোৱাটো নিবিচাৰে নেকি; প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.