ETV Bharat / state

কোনো কাৰণতে বিদেশী ন্যায়াধীকৰণলৈ নাযায় NRCত বাদ পৰা হিন্দু বঙালী

author img

By

Published : Sep 20, 2019, 8:32 PM IST

1971 চনৰ আগত অহা আৰু সম্পূৰ্ণ তথ্য পাতি থকা হিন্দু বঙালীৰ নাম এন আৰ চিৰ পৰা বাদ পৰাক লৈ ক্ষুব্ধ বঙালী যুৱ ছাত্ৰ ফেডাৰেচন ৷ কোনো কাৰণতে বিদেশী ন্যায়াধীকৰণলৈ নাযায় হিন্দু বঙালী ৷

কোনো কাৰণতে বিদেশী ন্যায়াধীকৰণলৈ নাযায় এন আৰ চিত বাদ পৰা হিন্দু বঙালী

মৰিগাঁও, 20 ছেপ্টেম্বৰঃ এন আৰ চিত নাম বাদ পৰাক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ শুকুৰবাৰে আক্ৰাছুৱে আহ্বান জনোৱা অসম বন্ধৰ সময়তে মৰিগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত এন আৰ চিত হিন্দু বঙালীৰ নাম বাদ পৰাক লৈ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ সংগঠনটোৰ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন প্ৰতিবাদী শ্ল'গান দিয়াৰ লগতে এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক সমালোচনা কৰে ৷ সংগঠনটোৱে অভিযোগ কৰে যে, প্ৰতীক হাজেলাই ষড়যন্ত্ৰমূলকভাৱে 1971 চনৰ আগত অহা আৰু সম্পূৰ্ণ তথ্য পাতি থকা হিন্দু বঙালীৰ নাম কৰ্তন কৰিছে ৷ সেয়ে অতি শীঘ্ৰে এন আৰ চিত হিন্দু বঙালীৰ নাম অন্তৰ্ভুক্তিৰ দাবী জনাইছে সংগঠনটোৱে ৷ লগতে 71 চনৰ আগত অহা সকলো হিন্দু বঙালীৰ প্ৰয়োজনীয় নথি পত্ৰ আছে আৰু তেওঁলোকে কোনো কাৰণতে বিদেশী ন্যায়াধীকৰণলৈ নাযায় বুলিও স্পষ্ট কৰি দিয়ে সংগঠনটোৱে ৷

আনহাতে গুৰুত্বপূৰ্ণ যে, প্ৰতিবাদস্থলীতে বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভতো স্থিতি স্পষ্ট কৰে ৷ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে কোনো কাৰণতে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক মানি নলয় ৷ সংগঠনটোৰ নেতৃবৃন্দই কয় যে, আছুৱে কেব মানি ল'লেও বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে কেব মানি নলয় ৷

Intro: সহস্ৰাধিক প্ৰতিবাদকাৰী প্ৰতিবাদত উত্তাল হল মৰিগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ চৌহদ। শুক্ৰবাৰে এন আৰ চিত ৰাজ্যৰ হিন্দু বাঙালী লোক সকলক এন আৰ চিৰ পৰা বাদ পৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে।Body:মৰিগাঁৱত হিন্দু বাঙালী লোক এন আৰ চিৰ পৰা বাদ পৰাৰ প্ৰতিবাদত বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী৷ মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰিলে ।বিভিন্ন প্ৰতিবাদী শ্লগান দি সমালোচনা এন আৰ চিৰ মুখ্যসমন্বয়ক প্ৰতীক হাজেলাক ।বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ অভিযোগ
প্ৰতীক হাজেলাই ষড়যন্ত্ৰমুলকভাবে ৭১ চনৰ আগত অহা আৰু তথ্যপাতি থকা হিন্দু বাঙালীক NRC ৰ পৰা নাম কৰ্তন কৰিছে ৷ এই অভিযোগ বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ ৷ শুক্ৰবাৰে কোচ ৰাজবংশী সকলে NRC ত খিলঞ্জীয়া জনগোষ্ঠীটোৰ নাম নহাৰ বাবে ১২ ঘন্টীয়া অসম বন্ধ পালন কৰি থকাৰ সময়তে মৰিগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কৰি বাঙালী যুব ছাত্ৰ ফেডাৰেচনে ৷ প্ৰতিবাদকাৰী বাঙালী ফেডাৰেচনৰ নেতৃত্বই কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে কেব কেতিয়াও মানি লোৱা নহব বুলি কয় ৷ আছুয়ে মানিলেও বাঙালী ফেডাৰেচনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিব স্পষ্ট কৰি দিয়ে ৷ যিহেতুকে ৭১ ৰ আগতে অহা বাঙালী সকলৰ সকলো নথিপত্ৰ আছে গতিকে তেওঁলোক কোনো কাৰণতে বিদেশী ন্যায়াধীকৰণলৈ নাযায় বুলি উল্লেখ কৰি সমগ্ৰ বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
Byte : বাঙালী নেতৃত্বত ৷Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.