ETV Bharat / state

দীঘলীপুখুৰীৰ পাৰৰ পৰা মায়ঙলৈ সজাগতামূলক চাইকেল ৰেলী

মায়ং-পবিতৰাৰ ৰিভাৰ ডলফিন সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে দেওবাৰে দীঘলীপুখুৰীৰ পাৰৰ পৰা মৰিগাঁৱৰ মায়ঙলৈ এক সজাগতামূলক চাইকেল ৰেলী বাহিৰ কৰা হয় ৷ পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগে এদিনৰ পূৰ্বে এই কাৰ্যসূচী ৰূপায়ন কৰে ৷

author img

By

Published : Sep 26, 2021, 10:42 PM IST

awrness-cycle-rally-from-digholipukhuri-to-mayong
দীঘলীপুখুৰীৰ পাৰৰ পৰা মায়ঙলৈ সজাগতামূলক চাইকেল ৰেলী

মৰিগাঁও, 26 ছেপ্তেম্বৰ : বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে ৰাজ্যৰ পৰ্যটন বিভাগৰ উদ্যোগত মায়ঙৰ পবিতৰাৰ ৰিভাৰ ডলফিনৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ পৰা মৰিগাঁও মায়ঙলৈ এক চাইকেল ৰেলীৰে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় ৷ এই পঞ্চাশ জনীয়া চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে পৰ্যটন বিভাগৰ সঞ্চালক ৰাজীৱ হুছেইনে ৷ লগতে উপস্থিত থাকে পৰ্যটন বিভাগৰ যুটীয়া সঞ্চালক এইচ আৰ দাসৰ লগতে বিভাগটোৰ বহুকেইজন বিষয়া ৷

পুৱা ভাগত যাত্ৰা আৰম্ভ কৰি দলটোৱে মায়ঙৰ গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ পৰিদৰ্শন কৰি মায়ঙৰ পৌৰাণিক যুগৰ তন্ত্ৰ মন্ত্ৰৰ বিষয়ে বুজ লয় ৷ পৰ্যটকৰ দলটোক গৱেষণা কেন্দ্ৰটোৰ তত্বাৱধায়ক তথা সম্পাদক ড৹ উৎপল কুমাৰ নাথ আৰু সভাপতি তথা লোক গৱেষক লোকেন্দ্ৰ হাজৰিকাই মায়ঙৰ ঐতিহ্যৰ বিষয়ত বিভিন্ন ব্যাখ্যা আগবঢ়ায় ৷ আনহাতে দলটোক আদৰণি জনাই মায়ঙৰ প্ৰতীকী ৰজা তাৰিণী সিংহ ৰজাই ৷

উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰ আৰু পকৰীয়া বিলৰ সংগমস্থলীৰ কাছশিলাত ৰিভাৰ ডলফিন তথা শিহুৰ জলকেলি উপভোগ কৰি আপ্লুত হয় পৰ্যটকৰ দলটো ৷

মনকৰিব লগীয়া যে, পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগে এদিনৰ পূৰ্বে এই কাৰ্যসূচী ৰূপায়ন কৰি মায়ঙৰ কাছশিলাত বিৰল প্ৰজাতিৰ এইবিধ প্ৰাণীৰ সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে ৷ ইফালে মৰিগাঁও জিলাৰ মায়ঙত পঞ্চাশজনীয়া পৰ্যটকৰ দলটোক মৰিগাঁও জিলা প্ৰশাসনে আদৰণি জানোৱাৰ সমান্তৰাল কৈ নেতৃত্ব দিয়ে ৷

লগতে পঢ়কঃ বিশ্ব নদী দিৱস উপলক্ষে চেভ ভৰলু মিছনৰ উদ্যোগত চাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.