মৰিগাঁও, ১৩ ছেপ্টেম্বৰ: মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ দেবেন্দ্ৰনাথ হাজৰিকাৰ প্ৰেক্ষাগৃহত বুধবাৰে ছাত্ৰ-ছাত্ৰীৰ মাজত খাদ্য প্ৰস্তুত আৰু বাঁহ সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয় । মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই উক্ত সজাগতা সভাখন উদ্ধোধন কৰে । ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ গুৱাহাটীত থকা উন্নয়ন আৰু সহায়তা কাৰ্যালয়ৰ উদ্যোগত আৰু প্ৰাক্তন ছাত্ৰ সন্মিলন (সৈনিক স্কুল, গোৱালপাৰা) আৰু মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এই সভাখন অনুষ্ঠিত হয় ৷

মূলত ফলমূল, খাদ্য সংশাধন তথা বাঁহ খণ্ডৰ সৈতে জড়িত উদ্যোগীসকলৰ বাবে এই সজাগতামূলক সভাখন অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশ লৈ জিলা আয়ুক্তগৰাকীয়ে মৰিগাঁও জিলাত ফলমূল, খাদ্য সংশাধন আৰু বাঁহ উদ্যোগৰ সম্ভাৱনা আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে । তেওঁ এইসমূহ খণ্ডত ক্ষুদ্ৰৰ পৰা মজলীয়া উদ্যোগেৰে কিদৰে স্বাৱলম্বী হ'ব পাৰি, এই সন্দৰ্ভত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায় ।

সভাত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ গুৱাহাটীত থকা উন্নয়ন আৰু সহায়তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক সিদ্ধাৰ্থ শঙ্কৰ বৰুৱা, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী সঞ্চালক অৰূপ ডেকা, স্থানীয় উদ্যোগী লিখন চন্দ্ৰ নাথ, লোকনিৰ্মাণ (পথ) বিভাগৰ কাৰ্যবাহী অভিযন্তা অভিজিত চৌধুৰী আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ দেবেন্দ্ৰ নাথ হাজৰিকাৰ প্ৰেক্ষাগৃহ অনুষ্ঠিত এই অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়খনৰ অধ্যক্ষ দিব্যজ্যোতি তামুলীয়ে ।

লগতে পঢ়ক: Awarness Programme in Nalbari : নলবাৰীত নেত্ৰদান সম্পৰ্কীয় সজাগতা সভা