ETV Bharat / state

আহিনৰ আঁচলত ধৰি ভুমুকি মাৰিছে শাৰদী ৰাণীয়ে

author img

By

Published : Sep 7, 2020, 6:13 PM IST

Updated : Sep 7, 2020, 7:25 PM IST

অপেক্ষাৰ অন্তত বাৰিষাই ধুই নিয়া পৃথিৱীত ৰঙীন আভা বুলাবলৈ পুনৰ আহিল শাৰদী ৰাণী ৷ কিন্তু এইবাৰ নাই পূৰ্বৰ সেই উচাহ-উদ্দীপনা ৷ মহমাৰীৰে জৰ্জৰিত ধৰাত এইবাৰ যেন আধৰুৱা হেঁপাহক শৰৎ ৷

শাৰদী ৰাণী
শাৰদী ৰাণী

নিউজ ডেস্ক, 7 ছেপ্তেম্বৰ: ঋতু আহে ঋতু যায় ৷ তাৰ মাজতেই আহিনৰ আঁচলত ধৰি ভুমুকি মাৰে শৰতে ৷ সেউজীয়া ধাননি ডৰাৰ পৰা নৈৰ কাণৰ কহুৱা জোপাইলৈ সকলোতে থাকে শৰতৰ বতৰা ৷ শেৱালীৰ শুভ্ৰ দলিছাই বিলায় শৰতৰ অমিয়া সুবাস ৷ অপেক্ষাৰ অন্তত বাৰিষাই ধুই নিয়া পৃথিৱীত ৰঙীন আভা বুলাবলৈ পুনৰ আহিল শাৰদী ৰাণী ৷ নদীৰ পাৰৰ কহুৱা-বিৰিণাৰ খিলখিলনি, পুৱাৰ দুবৰিত জিলিকি থকা মুকুতা যেন নিয়ৰৰ টোপালবোৰ সকলোতে কেৱল শৰৎ আৰু শৰৎ ৷ সৌন্দৰ্যৰ এক অপৰূপ সজীৱতা বিয়পাই দিয়া শৰতৰ বতৰে কৃত্ৰিম মনবোৰৰো কোনোবাটো কোণত সঞ্চাৰ কৰে সৌন্দৰ্যৰ বীজ ৷ আকাশৰ কলীয়া ডাৱৰ ভেদি অপশক্তি নাশ কৰিবলৈ মহিষ মৰ্দিনী দেৱীয়েও ধৰালৈ নামি অহাৰ বাবে যেন ৰৈ থাকে শৰতৰ আগমনলৈ ৷ এনেদৰেই সংগোপনে অহা শৰতত আগমনতে নিহিত হৈ থাকে শৰতক নীৰৱে ভাল পোৱাৰ আকুলতা ৷ শৰৎ মানেই উছৱৰ পয়োভৰ, শৰৎ মানেই আনন্দৰ পয়োভৰ ৷ শৰতৰ বুকুত লুকাই থাকে অপৰিসীম আশাৰ বতৰা ।

আহিনৰ আঁচলত ধৰি ভুমুকি মাৰিছে শাৰদী ৰাণীয়ে

কিন্তু আনবাৰৰ তুলানত হয়তো এইবেলি কিছু পৰিমাণে ম্লান পৰিব শৰতৰ সেই পূৰ্বৰ উচাহ ৷ বানত গৃহহাৰা গঞাৰ কৰুণ বিননি, মহামাৰীৰ তাণ্ডৱ সকলোৱে যেন কিছু পৰিমাণে বিৰাম লগাব শৰতৰ এটি মিঠা অনুভৱত ৷ প্ৰকৃতিৰ চিৰাচৰিত ৰীতি মতেই ধৰাৰ বুকুলৈ শৰৎ নামিছে যদিও, প্ৰকৃতি চঞ্চলা হৈ উঠিছে যদিও কিবা এটা হেৰুৱাই পেলোৱাৰ অভাৱে হয়তো ভাৰাক্ৰান্ত কৰি তুলিছে সাধাৰণ ৰাইজক ৷ তাৰ মাজতে শৰতৰ খনিকৰ সকলৰ মাজতো দোলা দিছে অপ্ৰাপ্তিৰ বেথাই ৷ কিয়নো এইবেলি শাৰদীয় উৎসৱকো ম্লান কৰিছে মহামাৰীৰ পয়োভৰে ৷ তথাপিও শৰৎ চঞ্চলা, শৰৎ উন্মনা ৷ প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰেই শৰতে বিলাই যাব সৌন্দৰ্যৰ বতৰা ৷

লগতে পঢ়ক: জীৱন নাটৰ যৱননিকা পৰিল ভ্ৰাম্যমানৰ প্ৰখ্যাত অভিনেতা বাবুল খাটনিয়াৰৰ

Last Updated : Sep 7, 2020, 7:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.