মৰিগাঁও, 8 জুলাই : বুধবাৰে নিশা মৰিগাঁৱত সংঘটিত হৈছে এক অঘটন ৷ মৰিগাঁৱৰ এগৰাকী ব্যক্তিক চোকা অস্ত্ৰৰে আঘাত কৰে আন এজন ব্যক্তিয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে আঘাতপ্ৰাপ্ত ব্যক্তিজনে ৷ আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ নাম ৰাজীৱ পাটৰ ৷
অভিযোগ অনুসৰি ৰাজীৱ পাটৰ নামৰ ব্যক্তিজনক চোকা অস্ত্ৰৰে আঘাত কৰে তিলক বৰদলৈ নামৰ আন এজন ব্যক্তিয়ে ৷ এই ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ ন-ভেঁটিত ৷ ৰাজীৱ পাটৰ নামৰ ব্যক্তিজনক ন-ভেঁটিত নিশা দৌৰাই-দৌৰাই তিলক বৰদলৈয়ে মূৰৰ কেইবাঠাইটো আঘাত কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰাণৰ মমতাত ৰাজীৱ পাটৰে ন-ভেঁটিৰ এঘৰ লোকৰ ঘৰত সোমাই প্ৰাণৰক্ষা কৰে ।
গৃহস্থই ৰাজীৱ পাটৰৰ দুৰৱস্থা দেখি ততালিকে খবৰ দিয়ে মৰিগাঁও আৰক্ষীৰ লগতে 108 জৰুৰীকালীন সেৱাক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও আৰক্ষীৰ এটা দল ৷ উল্লেখ্য যে, ৰাজীৱ পাটৰক সংকটজনক অৱস্থাত মৰিগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
পৰৱৰ্তী সময়ত উন্নত চিকিৎসা বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৰাজীৱ পাটৰক । বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আহত পাটৰ ৷ ইফালে নিশাই মৰিগাঁও আৰক্ষীয়ে আটক কৰে অভিযুক্ত তিলক বৰদলৈক ৷ নগাঁৱৰ তিলক (বৰ্তমান মৰিগাঁৱত থাকে) বৰদলৈ মাতৃ হত্যাৰ গোচৰত কাৰাবন্দী হৈ থকাৰ সময়তে পাটৰে তিলক বৰদলৈৰ পত্নীৰ পাণি গ্ৰহণ কৰিছিল ।
কাৰামুক্ত হোৱাৰ পিছতে পুনৰ তিলক বৰদলৈয়ে ৰাজীৱ পাটৰৰ পৰা লৈ গৈছিল তেওঁৰ পত্নীক । যাক লৈ দুয়োৰে মাজত সৃষ্টি হৈছিল মনোমালিন্যৰ ৷ যাৰ পৰিণতিতে এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক: কাৰাবন্দী ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ ড্ৰাগছ