ETV Bharat / state

Assam Governor in Morigaon : পত্নীসহ দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁৱত উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া

author img

By

Published : Apr 4, 2023, 10:05 PM IST

মঙলবাৰে মৰিগাঁৱত উপস্থিত হয় নৱ নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া (Assam Governor Gulab Chand Kataria visits Morigaon) ৷ মৰিগাঁৱৰ পবিতৰা অভয়াৰণ্যৰ ভ্ৰমণ কৰাৰ লগতে ৰাজ্যপালগৰাকীয়ে জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদন স্থলীও পৰিদৰ্শন কৰে ৷

Assam Governor in Morigaon
সীতাজখলা দুগ্ধ উৎপাদন স্থলী পৰিদৰ্শন কৰে ৰাজ্যপালে

মৰিগাঁও, 4 এপ্ৰিল : এদিনীয়া ভ্ৰমণসূচীয়ে মঙলবাৰে পুৱাই মৰিগাঁৱত উপস্থিত হয় নৱ নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া (Assam Governor Gulab Chand Kataria visits Morigaon) ৷ তাৰ পিচতে ৰাজ্যপালগৰাকীক মৰিগাঁও জিলা প্ৰশাসন আৰু পবিতৰা অভয়াৰণ্যৰ কৰ্তৃপক্ষই শৰাই, চেলেং-চাদৰ আৰু জাপিৰে সম্বধৰ্না জনায় ৷

লগতে মৰিগাঁও জিলা আৰক্ষীৰ বিভাগে ৰাজ্যপালগৰাকীক অভিবাদন জনায় । আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে জীপ চাফাৰি কৰি পবিতৰা অভয়াৰণ্যৰ সৌন্দৰ্য উপভোগ কৰে । সাংবাদিকৰে সৈতে হোৱা এক বাৰ্তালাপত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কয়, ‘‘মই প্ৰথমবাৰৰ বাবে আজি পবিতৰা অভয়াৰণ্যত 5/6 টাকৈ গঁড় স্বচক্ষে প্ৰত্যক্ষ কৰিলো । মই নিজকে সৌভাগ্যৱান বুলি ভাবিছো । এগৰাকী ৰাজ্যপাল হিচাবে অভয়াৰণ্যখনৰ যিখিনি উন্নতি কৰিব পাৰো সেয়া কৰিবলৈ প্ৰয়াস কৰিম’’ ৷

পবিতৰা অভয়াৰণ্য প্ৰত্যক্ষ কৰি জাগীৰোড আমলিঘাটৰ সীতাজখলা দুগ্ধ উৎপাদন স্থলীও পৰিদৰ্শন কৰে (Assam Governor in Sitajakhala) ৷ লগতে তেওঁ মৰিগাঁৱৰ অন্যতম কৃষক উৎপাদক কোম্পানী সাৰথিৰ মৎস্য পোনা উৎপাদন কেন্দ্ৰও পৰিদৰ্শন কৰি কৃষকসকলৰে সৈতে মতবিনিময় কৰে ।

ইয়াৰ পিচতে ৰাজ্যখনত ২০১৮ চনৰ পৰা সমবায় ভিৰ্ত্তিত গো পালন আৰু দুগ্ধ উৎপাদনকাৰী সমবায় সীতাজখলাৰ পৰিচালন সঞ্চালকৰে সৈতেও মত বিনিময় কৰে ৷ গো মাতৃৰ সেৱা আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে সীতাজখলাৰ পৰিচালন সঞ্চালকগৰাকীক ধন্যবাদ আৰু অভিনন্দন জনায় ৷

তেওঁ কয়, ‘‘এনেদৰে ৰাজ্যখনত সমবায় ভিত্তিত দুগ্ধ উৎপাদন কৰিবলৈ কৃষক সমাজক আগবঢ়াই নিব লাগিব’’ । আনহাতে, মৰিগাঁও আৱৰ্তভৱনত দুপৰীয়া আহাৰ গ্ৰহণ কৰি জিলা উপায়ুক্তৰে সৈতে এক বৈঠকতো মিলিত হয় ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া ।

উল্লেখ্য যে, মঙলবাৰে মৰিগাঁও ভ্ৰমণৰ কালচোৱাত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ সৈতে আছিল তেওঁৰ পত্নীও ৷ ৰাজ্যৰ নৱ নিযুক্ত ৰাজ্যপালগৰাকীৰ এই ভ্ৰমণসূচীয়ে জিলাখনলৈ কি পৰিৱৰ্তন আনে সেয়াহে হ’ব লক্ষণীয় ।

লগতে পঢ়ক : India China Conflict : অৰুণাচলৰ ১১ স্থান পুনৰ চীনৰ নামকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.