মৰিগাঁও, 7 ডিচেম্বৰ : মৰিগাঁওবাসীৰ বাবে এক সুখবৰ ৷ কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে মৰিগাঁৱৰ জাগীভকত গাঁৱৰ বঘৰাত মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ’ব (Foundation stones of Morigaon Medical College) ৷ 910 কোটি টকা ব্যয়ৰে স্থাপন কৰিব লগীয়া এই মেডিকেল কলেজৰ আধাৰশিলা মুকলি কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
মেডিকেল কলেজৰ আধাৰশিলা মুকলিৰ পূৰ্বে অৰ্থাৎ বুধবাৰে মৰিগাঁৱত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika in Morigaon) ৷ মৰিগাঁৱৰ বঘৰাত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই সকলো দিশ তন্ন তন্নকৈ পৰ্যবেক্ষন কৰে ৷
মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ষ্টেডিয়াম, দলং, পকী পথ, পলিটেকনিক কলেজ, কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰসত্ৰ 11 টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব (Assam CM Will Lay Foundation Stone of Morigaon Medical College) ।
উল্লেখ্য যে, 910 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া আধাৰশিলা স্থাপন কাৰ্যসূচীৰ সকলো অনুষ্ঠান অনুষ্ঠিত হ’ব বঘৰাত । যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ আনকি প্ৰস্তুত কৰা হৈছে এখন হেলীপেডো ।
লগতে পঢ়ক : Foundation Day of Assam Cooperative Apex Bank: অসমত এতিয়া সকলোৱে নিজকে সুৰক্ষিত অনুভৱ কৰে: মুখ্যমন্ত্ৰী