ETV Bharat / state

পহিলা মাঘত আঁহতগুৰিত সপত্নীক ম’হযুঁজ উপভোগ মুখ্যমন্ত্ৰী শৰ্মাৰ - ম’হযুঁজ

Ahatguri Moh juj: পহিলা মাঘত গোনা ম’হৰ যুঁজত কঁপিল আঁহতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰ ৷ সপত্নীক ম’হ যুঁজ উপভোগ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

Traditional Buffalo fight
Ahatguri Moh juj
author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:23 PM IST

সপত্নীক ম’হযুঁজ উপভোগ মুখ্যমন্ত্ৰী শৰ্মাৰ

মৰিগাঁও, 16 জানুৱাৰী: মাঘ বিহুৰ সৈতে জড়িত এক পৰম্পৰা হৈছে ম’হযুঁজ ৷ আহোম ৰজাৰ দিনৰে পৰা এই পৰম্পৰা চলি আহিছে যদিও বৰ্তমান সময়ত মধ্য অসমৰ নগাঁও আৰু মৰিগাঁও জিলাতহে ইয়াক ব্যাপকতা দেখা যায় ৷ প্ৰায় 8 বছৰ পূৰ্বে ম’হযুঁজ নিষিদ্ধ ঘোষণা কৰি আনুষ্ঠানিকভাৱে এই যুঁজ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল উচ্চতম ন্য়ায়ালয়ে ৷ কিন্তু এইবাৰ চৰকাৰে কেতবোৰ নীতি-নিয়ম বান্ধি দি ম’হযুঁজ আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে ৷ সেই অনুসৰিয়েই মাঘৰ 1 তাৰিখে আঁহতগুৰিত অনুষ্ঠিত হৈছে ম’হযুঁজ ৷

এইবাৰৰ ম’হযুঁজত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁৰ লগতে পত্নী ৰিণিকি ভূঞা, মন্ত্ৰী পীযুষ হাজৰীকা আৰু তেওঁৰ অভিনেত্ৰী পত্নী আইমী বৰুৱা, বিধায়ক ৰমাকান্ত দেউৰী, শশীকান্ত দাস, ৰূপক শৰ্মা আৰু জিতু গোস্বামীৰ লগতে জিলা প্ৰশাসনৰ লোকো ম’হযুঁজ থলীত উপস্থিত থাকে ৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘মহামান্য উচ্চতম ন্যায়ালয়ে আমাৰ মাঘ বিহুৰ ঐতিহ্যৰ সৈতে জড়িত হাজোৰ বুলবুলি যুঁজ আৰু ম'হ যুঁজ নিষিদ্ধ ঘোষণা কৰিছিল । পিছে আদালতে সেই ঘোষণা বাতিল কৰাৰ পিচতে কালি মোৰ হাজো বুলবুলি যুঁজ উপভোগ কৰাৰ সৌভাগ্য হৈছিল ৷ আজি ঐতিহ্যমণ্ডিত আঁহতগুৰিত ম'হ যুঁজথলীত আহোম ৰজাই অনুষ্ঠিত কৰা ম'হ যুঁজথলীত উপস্থিত থাকিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ ।’’

হাজাৰ বিজাৰ ম’হযুঁজ প্ৰেমী ৰাইজৰ উপস্থিতিত মৰিগাঁৱৰ আঁহতগুৰিত পহিলা মাঘত অনুষ্ঠিত পৰম্পৰাগত ম'হ যুঁজ । নগাঁও আৰু মৰিগাঁও জিলাত মাঘৰ বিহুত বহু কেইটা অঞ্চলত ম’হযুঁজ অনুষ্ঠিত কৰা হয় ৷ নগাঁৱৰ গোমোঠা গাঁও, ঘোগ জলাহ, পাথৰি, মৌখাতি আদিৰ উপৰিও মৰিগাঁৱৰ আঁহতগুৰি, বঘৰা, কুমৈ আদিত ম’হযুঁজ অনুষ্ঠিত কৰা দেখা যায় ৷

লগতে পঢ়ক: ভোগালী বিহুৰ দিনাই গোনা ম’হৰ তয়াময়া যুঁজত কঁপিল গোমোঠাগাঁৱৰ পথাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.