ETV Bharat / state

মৰিগাঁৱত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

author img

By

Published : Dec 8, 2020, 9:38 AM IST

দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক । ইতিমধ্যে জিলাখনত সকলো ব্যৱসায়ী প্ৰতিষ্ঠান, যানবাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ থকা দেখিবলৈ পোৱা গৈছে ।

as-mrg-8-thdc-bharat-bondh-impact-as10005
মৰিগাঁৱত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

মৰিগাঁও,8 ডিচেম্বৰঃ আজি কৃষকৰ আহ্বানমৰ্মে দেশত পালন কৰা হৈছে ভাৰত বন্ধ ৷ 'কৃষি আইন 2020' বাতিলৰ দাবীত দেশজুৰি বন্ধৰ ঘোষণা কৰিছিল কৃষকসকলে ৷ ইতিমধ্যে কৃষকসকলে ঘোষণা কৰা ভাৰত বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে জনসাধাৰণৰ লগতে 22 টাকৈ বিৰোধী ৰাজনৈতিক দলেও ৷

উল্লেখ্য যে, দেশৰ ৰাজধানী দিল্লীত কৃষি আইনৰ বিৰুদ্ধে ইতিমধ্যে 13 টাকৈ দিন প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও কৃষকসকলৰ প্ৰতিবাদৰ প্ৰতি বিজেপি চৰকাৰে কোনো সঁহাৰি নজনোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ফলত কৃষক সংগঠনসমূহে আজি ভাৰত বন্ধৰ ঘোষণা কৰিছিল ৷ কৃষকসকলৰ ভাৰত বন্ধৰ প্ৰতি সমগ্ৰ দেশৰ লগতে অসমতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গৈছে ৷

সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো ভাৰত বন্ধৰ প্ৰভাৱ পৰা দেখা গৈছে । মৰিগাঁও জিলাখনৰ সকলো ব্যৱসায়ী প্ৰতিষ্ঠান, যানবাহন চলাচল বন্ধ থাকে । ফলস্বৰূপে সম্পূৰ্ণ ব্যাহত হৈ পৰে সাধাৰণ জনজীৱন ৷

লগতে পঢ়ক-CAA বলৱৎ হ'লে পুনৰ ৰাজপথলৈ ওলাই আহিম: জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.