ETV Bharat / state

সন্ত্ৰাসবাদীৰ পৰা টকা লয় বদৰুদ্দিন আজমলেঃ পীয়ূষ হাজৰিকা

author img

By

Published : Dec 12, 2020, 7:23 AM IST

তিৱা স্বায়ত্ব পৰিষদৰ এক নং জামাদাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দুলাল বহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ প্ৰচাৰ সভাত উপস্থিত হৈ কংগ্ৰেছ তথা এআইউডিএফৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে পীয়ূষ হাজৰিকাই ৷

piyush hazarika election campaign
সন্ত্ৰাসবাদীৰ পৰা টকা লয় বদৰুদ্দিন আজমলেঃ পীয়ূষ হাজৰিকা

মৰিগাঁও, 12 ডিচেম্বৰঃ সমাগত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন ৷ প্ৰতিটো ৰাজনৈতিক দলেই ক্ষমতা দখল কৰিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী ৰণডংকা ৷ পিছপৰি ৰোৱা নাই বিজেপি দলটোও ৷

শুকুৰবাৰে মৰিগাঁৱতো ১ নং জামাদাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দুলাল বহ্মৰ হৈ বানমূৰি ৰাজহুৱা ভবনত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি পীয়ূষ হাজৰিকাই কংগ্ৰেছ আৰু এ আই ইউ দি এফক তীব্ৰ কটাক্ষ কৰে ৷ ভাষণ প্ৰসংগত ৰাইজক উদ্দেশ্য কৰি মন্ত্ৰী জনে কয় যে "কংগ্ৰেছক ভোট দিলে বদৰুদ্দিন আজমলে পাব । কাৰণ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমল এতিয়া আত্মীয় । আজমলে ভোট পালে বোমা দি আমাক মাৰি পেলাব বুলিও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে পীয়ূষ হাজৰিকাই ।

Minister_ piyush hazarika election campaign

মন্ত্ৰী পীয়ূষ হাজৰিকাই ক’লে, এইজন আজমলে কাৰ পৰা টকা লৈ এইবিলাক কাম কৰে জানেনে ? বোমা বিষ্ফোৰণেৰে মানুহ মাৰি ফুৰা সন্ত্ৰাস বাদী সংগঠনৰ পৰা আজমলে টকা লৈ কাম কৰে । তাৰোপৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে, কংগ্ৰেছক ভোট দিয়া মানে বদৰুদ্দিন আজমলক ভোট দিয়া । সেয়েহে কংগ্ৰেছক ভোটদিলে আজমলেহে পাব । কাৰণ কংগ্ৰেছ এ আই ইউ ডি এফ এতিয়া ভাই ভাই, একেলগে চব কৰে । বিটিচি নিৰ্বাচনতেই তাৰ স্পষ্ট প্ৰমাণ পাইছে ৰাইজে । লগতে আজমলে ভোট পালেই খিলঞ্জীয়া অসমীয়াক মাৰি পেলাব বুলি মন্তব্য কৰে মন্ত্ৰী জনে । সেয়েহে বিজেপিৰ প্ৰাৰ্থী দুলাল বহ্মক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাই পীয়ুষ হাজৰিকাই ৷

লগতে পঢ়ক- নলবাৰীত আছুৰ ক’লা দিন পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.