মৰিগাঁও,9 জানুৱাৰী: চৰ্চাত মৰিগাঁও জিলাৰ এখন চৰকাৰী বিদ্যালয় ৷ মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ পকৰীয়া মৌজাৰ অন্তৰ্গত এই বিদ্যালয়খনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সাধাৰণ ৰাইজৰ ৷ কাৰণ এই চৰকাৰী বিদ্যালয় খনক ন-ৰূপেৰে সজাই নতুন মাত্ৰা প্ৰদান কৰিছে বিদ্যালয় খনৰ প্ৰধান শিক্ষক চাকিৰ আহমেদ ৷ ব্ৰহ্মপুত্ৰৰ নাতি দূৰৈত অৱস্থিত এই বিদ্যালয় খনৰ নাম হল মৰিছুটি টোপ নতুন প্ৰাথমিক বিদ্যালয় ৷ 2002 চনত স্থাপন হোৱা এই বিদ্যালয় খনক নিজৰ দৰমহাৰ টকাৰ কিছু অংশ খৰছ কৰি,এক নান্দনিক ৰূপ প্ৰদান কৰিছে প্ৰধান শিক্ষক চাকিৰ আহমেদে ৷ উল্লেখ্য যে,প্ৰধান শিক্ষক গৰাকীৰ এই কাৰ্যক বিশেষভাৱে শলাগ লৈছে মৰিগাঁও জিলাৰ শিক্ষা বিষয়া সকলেও ৷ শিক্ষক গৰাকীৰ একান্ত প্ৰচেষ্টাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৌন্দৰ্যৰ সমানে ফেৰ মাৰিছে বছৰত দুই-তিনিবাৰ বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা এই বিদ্যালয় খনে ৷
কেৱল মাত্ৰ সৌন্দৰ্যৰ দিশতে নহয়,শৈক্ষিক দিশতো বিদ্যালয় খনৰ আছে সুকীয়া সফলতা ৷ প্ৰতিবছৰে বিদ্যালয়খনৰ পৰা বৃত্তি লাভ কৰে ছাত্ৰ ছাত্ৰীয়ে ৷ বিদ্যালয় খনৰ এই সফলতাৰ পাছত বৰ্তমান ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰী আহি নাম ভৰ্তি কৰিছে মৰিছুটি টোপ নতুন প্ৰাথমিক বিদ্যালয়ত ৷ কাৰণ বিদ্যালয় খনত শিক্ষাদানৰ পৰা মধ্যাহ্ন ভোজন লৈকে,বিদ্যালয়ৰ চাফ-চিকুনৰ পৰা নিয়মানুৱৰ্তীতা সকলোতে ৰাইজ সন্তুষ্ট ৷ বৰ্তমান প্ৰায় 300 ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে 7 গৰাকী শিক্ষক আছে বিদ্যালয় খনত ৷
লগতে পঢ়কঃ বকোৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় লোকৰ