ETV Bharat / state

আমিনুল ইছলামৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বিৰোধিতাৰে আজমলৰ সন্মুখত প্ৰতিবাদ - বদৰুদ্দিন

দলটোৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে সোমবাৰে বটদ্ৰৱা সমষ্টিত আয়োজিত এক জনসভাত অংশ গ্ৰহণ কৰাৰ পাছত সভাপতি গৰাকীয়ে মৈৰাবাৰীৰ আয়োজিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বুলি বিষয়টো ৰাইজে আগতীয়াকৈ গম পাই মৈৰাবাৰী বজাৰৰ প্ৰায় আধা কিঃমিঃ দীঘলীয়া শাৰীপাতি ৰৈ বদৰুদ্দিন আজমলক লগ ধৰি বিধায়ক আমিনুলৰ প্ৰাৰ্থীত্ব দিব নালাগে বুলি দাবী জনায় ৷

আমিনুল ইছলামৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বিৰোধিতাৰে আজমৰল সন্মুখত প্ৰতিবাদ

author img

By

Published : Feb 9, 2021, 9:32 AM IST

ধিং,9ফেব্ৰুৱাৰীঃ ধিং সমষ্টিৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বিৰোধিতাৰে সোমবাৰে নিশা ধিং সমষ্টিৰ মৈৰাবাৰী বজাৰত হাজাৰ হাজাৰ লোক স্বত্বস্ফুতভাবে ওলাই আহে ৷

উল্লেখযোগ্য যে, দলটোৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে সোমবাৰে বটদ্ৰৱা সমষ্টিত আয়োজিত এক জনসভাত অংশ গ্ৰহণ কৰাৰ পাছত সভাপতি গৰাকীয়ে মৈৰাবাৰীৰ আয়োজিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বুলি বিষয়টো ৰাইজে আগতীয়াকৈ অৱগত হৈ মৈৰাবাৰী বজাৰৰ প্ৰায় আধা কিঃমিঃ দীঘলীয়া শাৰীপাতি ৰৈ বদৰুদ্দিন আজমলক লগ ধৰি বিধায়ক আমিনুলৰ প্ৰাৰ্থীত্ব দিব নালাগে বুলি দাবী জনোৱাৰ কাৰণে প্ৰস্তুতি চলাইছিল ৷

আমিনুল ইছলামৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বিৰোধিতাৰে আজমৰল সন্মুখত প্ৰতিবাদ

ইপিনে মৌলানা বদৰুদ্দিন আজমলে হাজাৰ হাজাৰ মানুহ তেওঁৰ অপেক্ষাত ৰৈ আছে বুলি খবৰ পাই পথ সলনি কৰি মৈৰাবাৰী অঞ্চলৰ ছামছুল মাষ্টৰৰ ঘৰত গৈ সোমায় ৷ আজমললৈ অপেক্ষা কৰি ৰৈ থকা ৰাইজে সেই বিষয়ে জানিব পাৰি ছামছুল হকৰ ঘৰৰ সন্মুখত গোট খায়গৈ ৷ এই স্থানতে প্ৰায় দুই হাজাৰৰো অধিক ভোটাৰ ৰাইজে বিধায়ক আমিনুল ইছলামক 2021 চনৰ বিধান সভা নিৰ্বাচনত প্ৰাৰ্থীত্ব দিব নালাগে বুলি কোৱাৰ লগতে আমিনুলৰ প্ৰাৰ্থীত্ব সলনি নকৰিলে পৰিস্থিতি ভয়াবহ হ’ব বুলি সকিয়াই দিয়ে উপস্থিত প্ৰতিবাদী ৰাইজে ৷

লগতে পঢ়কঃ নগাঁৱত ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.