ETV Bharat / state

মৈৰাবাৰীত এম্বুলেন্স চালকক আক্ৰমণ

author img

By

Published : Jan 14, 2021, 7:17 PM IST

Updated : Jan 14, 2021, 9:54 PM IST

মৰিগাঁও জিলাৰ মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ এম্বুলেঞ্চৰ চালকক আক্ৰমণ । আফজাৰুল নামৰ এজন লোকৰ নেতৃত্বত যোৱা ৪-৫ জনীয়া এটা দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে চালক খাইৰুল ইছলামক । লগতে এম্বুলেঞ্চখনৰো ক্ষতিসাধন কৰে ।

মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ এম্বুলেঞ্চৰ চালকক আক্ৰমণ

ধিং,১৪ জানুৱাৰী: মৰিগাঁও জিলাৰ মৈৰাবাৰীত একাংশ উদণ্ড লোকৰ আক্ৰমণৰ বলি হ'ল এম্বুলেঞ্চ চালক । মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ এম্বুলেঞ্চৰ চালক খাইৰুল ইছলামে বুধবাৰে প্ৰায় ৪ বজাত গৰিয়াবৰীৰ এগৰাকী প্ৰসূতি লৈ গৈছিল । উভতি অহাৰ সময়ত পথৰ মাজত পকা খুঁটা পৰি থকাৰ বাবে এম্বুলেঞ্চখন ৰখাই দিয়ে খাইৰুলে । ইয়াৰ পিছতে আফজাৰুল নামৰ এজন লোকৰ নেতৃত্বত যোৱা ৪-৫ জনীয়া এটা দলে এম্বুলেঞ্চৰ আইনা ভাঙি চালকক নমাই আনি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ।

আক্ৰমণত চালক খাইৰুল ইছলাম গুৰুতৰভাৱে আহত হয় । চালকজনে চিঞৰ-বাখৰ কৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয় আৰু কথমপি তেওঁৰ প্ৰাণ ৰক্ষা পৰে । এই ঘটনাৰ পিছত মৈৰাবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয় আৰু বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আনহাতে প্ৰাপ্ত তথ্য মতে, আফজাৰুল নামৰ লোকজনে এক পুৰণি ঘটনাৰ প্ৰতিশোধ ল'বলৈ এনেদৰে খাইৰুলক আক্ৰমণ কৰিছিল । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব আক্ৰমণৰ প্ৰকৃত কাৰণ ।

লগতে পঢ়ক:ডিব্ৰুগড়ৰ ৭৯ গৰাকী সাংবাদিকক মুখ্যমন্ত্ৰীৰ বিশেষ উপহাৰ

Last Updated : Jan 14, 2021, 9:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.