ETV Bharat / state

মৰিগাঁৱৰ কছাৰীগাঁও এম ভি স্কুলত অনিয়মৰ অভিযোগ

author img

By

Published : Apr 27, 2021, 6:30 PM IST

মৰিগাঁৱৰ কছাৰীগাঁও এম ভি স্কুলৰ প্ৰধান শিক্ষক আমিনুল হকৰ বিৰুদ্ধে অভিযোগ ৷ বিদ্যালয় পৰিচালনা সমিতিৰ লগতে অবিভাৱক সকলে অভিযোগ দিয়া মতে, বিদ্যালয়খনত মধ্যাহ্ন ভোজনত ৰাহি হোৱা চাউল, দাইল ছাত্ৰ ছাত্ৰীক নিদিয়াৰ লগতে আৰু চৰকাৰে যোগান ধৰা ধন আত্মসাৎ কৰি আহিছে প্ৰধান শিক্ষক গৰাকীয়ে ।

মৰিগাঁৱৰ কছাৰীগাঁও এম ভি স্কুলত অনিয়মৰ অভিযোগ
মৰিগাঁৱৰ কছাৰীগাঁও এম ভি স্কুলত অনিয়মৰ অভিযোগ

মৰিগাওঁ, 27 এপ্ৰিল : মৰিগাঁৱৰ কছাৰীগাঁও এম ভি স্কুলত অনিয়মৰ অভিযোগ ৷ এই অভিযোগ কছাৰীগাঁও এম ভি স্কুলৰ পৰিচালনা সমিতি, স্থানীয় ৰাইজ আৰু সহকাৰী শিক্ষকসকলৰ । বিদ্যালয় পৰিচালনা সমিতিৰ লগতে অবিভাৱক সকলে অভিযোগ দিয়া মতে, বিদ্যালয়খনত মধ্যাহ্ন ভোজনত ৰাহি হোৱা চাউল, দাইল ছাত্ৰ ছাত্ৰীক নিদিয়াৰ লগতে আৰু চৰকাৰে যোগান ধৰা ধন আত্মসাৎ কৰি আহিছে প্ৰধান শিক্ষক গৰাকীয়ে । জানিব পৰা মতে, এই সন্দৰ্ভত অভিভাৱক সকলে প্ৰশ্ন কৰাত প্ৰধান শিক্ষক আমিনুল হকে তেওলোকৰ ওপৰত জাঙুৰ খাই উঠে আৰু আক্ৰমণ কৰাৰ দৰে এক পৰিৱেশৰ সৃষ্টি কৰে ।

উক্ত ঘটনাই স্কুলখনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে অঞ্চলটোত বিৰূপ প্ৰভাৱ পেলাইছে ৷ আনহাতে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ কাপোৰৰ নামত দৰ্জিৰ পৰা কমিছন লোৱাৰ অভিযোগো উত্থাপন হৈছে প্ৰধান শিক্ষক আমিনুল হকৰ বিৰুদ্ধে ।

লগতে পঢ়ক : বিহমাৰী সাপ্তাহিক বজাৰত ক'ভিডৰ নীতি উলংঘা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.