ETV Bharat / state

All Tiwa Students Union apologises: জুবিন গাৰ্গৰ ওচৰত ক্ষমা খুজিলে সদৌ তিৱা ছাত্ৰ সন্থাই

author img

By

Published : Feb 28, 2023, 3:53 PM IST

জুবিন গাৰ্গ-সদৌ তিৱা ছাত্ৰ সন্থাৰ বিতৰ্ক সন্দৰ্ভত অৱশেষত মুখ খুলিলে সদৌ তিৱা ছাত্ৰ সন্থা আৰু আদৰণি সমিতিয়ে । সমগ্ৰ ঘটনাত তৃতীয় পক্ষ জৰিত থকা বুলি সংবাদমেলযোগে উল্লেখ কৰে তিৱা ছাত্ৰ সন্থা আৰু আদৰণি সমিতিয়ে (All Tiwa Students Union apologises to Zubeen Garg) । ইফালে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ মেনেজমেন্টৰ একাউণ্টৰ পৰা ভূলবশত আদৰণী সমিতিৰ একাউণ্ট লৈ অতিৰিক্ত ২০ হাজাৰ টকা সোমাই দিয়া পৰিমাণটোও সন্থাই অতি সোনকালে ঘূৰাই দিব বুলি আশ্বাস প্ৰদান কৰে ।

All Tiwa Students Union apologises to Zubeen Garg
জুবিন গাৰ্গৰ ওচৰত ক্ষমা খুজিলে সদৌ তিৱা ছাত্ৰ সন্থাই

মৰিগাঁও, ২৮ ফ্ৰেব্ৰুৱাৰী: সদৌ তিৱা ছাত্ৰ সন্থাই মৰিগাঁও জিলাৰ অন্তৰ্গত নেলীৰ নৰছিং দেওৰজা সমন্বয় ক্ষেত্ৰত অনুষ্টিত কৰা একাদশ দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশনত জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গে গীত পৰিৱেশন নকৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । সামাজিক মাধ্যমত দুয়োপক্ষৰ মাজতে দেখা গৈছিল তীব্ৰ বাাক-বিতণ্ডা । এফালে যদি এক পক্ষই শিল্পীগৰাকীয়ে আগধন লৈ অনুষ্ঠান পৰিৱেশন নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছিল তাৰ প্ৰত্যুত্তৰত শিল্পীগৰাকীয়ে চুক্তি অনুসৰি ধন পৰিশোধ নকৰাৰ বাবে অনুষ্ঠান বাতিল কৰিছিল বুলি স্পষ্টীকৰণ দিছিল ।

এই বিতৰ্কক লৈ অৱশেষত মুখ খুলিলে সদৌ তিৱা ছাত্ৰ সন্থা (All Tiwa Students Union) আৰু আদৰণি সমিতিয়ে । সমগ্ৰ ঘটনাত তৃতীয় পক্ষ জৰিত থকা বুলি সংবাদমেলযোগে উল্লেখ কৰে তিৱা ছাত্ৰ সন্থা আৰু আদৰণি সমিতিয়ে । সদৌ তিৱা ছাত্র সন্থাৰ একাদশ দ্বি বাৰ্ষিক অধিৱেশন (11th Biennial General Session) তথা ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস (34th foundation Day) উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বাবুল পাটৰে সংবাদমেলত কয় যে, সদৌ তিৱা ছাত্র সন্থাৰ নেলীত অনুষ্ঠিত অধিৱেশন আৰু প্ৰতিষ্ঠা দিৱসৰ তৃতীয় নিশাৰ জুবিন গাৰ্গৰ কাৰ্যসূচী বিফল কৰাত তথা কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বিফল কৰাত তৃতীয় পক্ষৰ হাত আছে ।

তৃতীয় পক্ষৰ দুয়োগৰাকী ব্যক্তিয়েই আদৰণি সমিতিৰ বিষয় ববীয়া বুলি উল্লেখ কৰি জুবিন গাৰ্গৰ পৰিচালকৰে হোৱা কথোপকথনৰ ফোন ৰেকৰ্ডিঙসহ স্পষ্ট প্ৰমাণ দাঙি ধৰে সংবাদমেলত । উক্ত দুই ব্যক্তিৰ বিৰুদ্ধে সদৌ তিৱা ছাত্ৰ সন্থাই ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে । সোমবাৰে সন্ধিয়া নেলীৰ ঐতিহাসিক নৰচিং দেওৰজা সমন্বয় ক্ষেত্ৰত সংবাদমেল সম্বোধন কৰি লগতে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে অনুষ্ঠানটো বিসংগতি হোৱাৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ ওচৰত দুখ প্ৰকাশ কৰি জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীক এই বিতৰ্কৰ অৱসান পেলাবলৈ আহ্বান জনায় (All Tiwa Students Union apologises to Zubeen Garg) ।

উল্লেখ্য যে, সদৌ তিৱা ছাত্ৰ সন্থাই মৰিগাঁও জিলাৰ অন্তৰ্গত নেলীৰ নৰছিং দেওৰজা সমন্বয় ক্ষেত্ৰত একাদশ দ্বি-বাৰ্ষিক সাধাৰণ অধিৱেশন আৰু ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিছিল । ইয়াৰ বাবে মৰিগাঁও জিলাৰ অন্তৰ্গত নেলীত এখনি আদৰণী সমিতি গঠন কৰি অধিৱেশনৰ যাৱতীয় কাম কাজ পৰিচালনা কৰিছিল । আদৰণী সমিতিয়ে অধিৱেশনৰ সামগ্ৰিক দিশ চোৱা-চিতা,পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰিছিল ।

আদৰণী সমিতিয়ে সাধাৰণ অধিৱেশন আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৱা ২৫ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ চুক্তি কৰিছিল । পিছে দুৰ্ভাগ্যৰ বিষয় যে জুবিন গাৰ্গৰ মেনেজমেণ্টৰ লগত উপযুক্ত সময়ত সঠিকভাৱে চুক্তি অনুসৰি আগধন দি যোগাযোগ আৰু ব্যৱস্থাপনা সম্পূৰ্ণ সুনিশ্চিত নোহোৱাত অনুষ্ঠানটো বাতিল কৰা হৈছিল ।

এই সন্দৰ্ভত সদৌ তিৱা ছাত্র সন্থাৰ নৱ নিৰ্বাচিত সভাপতি চেনীৰাম মালাঙে দুখ প্ৰকাশ কৰি কয় যে আয়োজক সমিতিৰ তৰফৰ পৰা কোনোবাই যদি অনিচ্ছাকৃতভাৱে ভুল কৰিছে তাৰবাবে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু সমূহ মেনেজমেণ্টৰ ওচৰত আয়োজক সমিতি ক্ষমাপ্ৰাৰ্থী । লগতে সভাপতি গৰাকীয়ে কয় যে, অনাগত দিনত জুবিন গাৰ্গক তেওঁলোকৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিলে তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰিব বুলি সমতি আশাবাদী ।

লগতে উল্লেখ কৰে যে সদৌ তিৱা ছাত্ৰ সন্থাই বিগত ৩৪ বছৰ ধৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগণৰ লগত সদায়ে সমন্বয়, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সদ্ভাৱেৰে মধ্য অসমত এখন উমৈহতীয়া গণতান্ত্ৰিক সংগ্ৰামক নেতৃত্ব দি আহিছে । সদৌ তিৱা ছাত্ৰ সন্থা এটা গণতান্ত্ৰিক আৰু সামাজিক ছাত্ৰ স‌ংগঠন হিচাপে সমাজৰ প্ৰতি দায়বদ্ধতা সদায়ে অক্ষুণ্ণ থাকিব । লগতে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ মেনেজমেন্টৰ একাউণ্টৰ পৰা ভূলবশত আদৰণী সমিতিৰ একাউণ্ট লৈ অতিৰিক্ত ২০ হাজাৰ টকা সোমাই দিয়া পৰিমাণটোও সন্থাই অতি সোনকালে ঘূৰাই দিব বুলি আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক: Zubeen Garg news: বিহুৰ পিছতেই নতুন ছবিৰ শ্বুটিং আৰম্ভ কৰিব জুবিনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.