ETV Bharat / state

মৰিগাঁৱত ছাত্ৰ সন্থাৰ গণ হুংকাৰ কাৰ্যসূচী - All Assam Student union

কা বিৰোধী আন্দোলনেৰে মৰিগাঁৱত ছাত্ৰ সন্থাৰ গণ হুংকাৰ কাৰ্যসূচী ৷ ২০১৯ বৰ্ষৰ 'কা' আন্দোলনত মৃত্যুবৰণ কৰা পাঁচজন শ্বহীদৰ ন্যায়িক তদন্ত আৰু দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত গণহুংকাৰ কাৰ্যসূচী ৰূপায়ন কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

All Assam Student union protest against CAA bill at Morigaon
মৰিগাঁৱত ছাত্ৰ সন্থাৰ গণ হুংকাৰ কাৰ্যসূচী
author img

By

Published : Jan 3, 2021, 7:53 PM IST

মৰিগাঁও, 3 জানুৱাৰী: সম্পূৰ্ণ এবছৰৰ পাচত ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা বিৰোধী আন্দোলন ৷ শনিবাৰে মৰিগাঁৱত সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো ছাত্ৰ সন্থাই গণ হুংকাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ অহা পাঁচজনকৈ অসমীয়া যুৱকক অসম আৰক্ষীয়ে হত্যা কৰিলে, সেয়ে কোনো কাৰণতে এই আইন মানি লোৱা নহ'ব বুলি সকিয়াই দিয়ে চৰকাৰক ।

মৰিগাঁৱত ছাত্ৰ সন্থাৰ গণ হুংকাৰ কাৰ্যসূচী

ইফালে, নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু ২০১৯ বৰ্ষৰ 'কা' আন্দোলনত মৃত্যুবৰণ কৰা পাঁচজন শ্বহীদৰ ন্যায়িক তদন্ত আৰু দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত গণহুংকাৰ কাৰ্যসূচীৰ জৰিয়তে দবা তাল বজাই ৰাজপথত তীব্ৰ ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ।

লগতে পঢ়ক: 18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.