ETV Bharat / state

জাগীৰোডত মিত্ৰতা ভংগ অগপ-বিজেপিৰ !

author img

By

Published : Mar 17, 2021, 7:55 PM IST

জাগীৰোড সমষ্টিৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত সংবাদ মেল আয়োজন কৰি বিজেপিৰ লগত মিত্ৰতা ভংগ কৰা বুলি ঘোষণা কৰে অগপৰ জাগীৰোড আঞ্চলিক সমিতিয়ে । সমষ্টিবাসীক অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী বুবুল দাসক ভোট প্ৰদান কৰিবলৈ আহ্বান জাগীৰোডৰ অগপ কৰ্মীৰ ।

জাগীৰোডত মিত্ৰতা ভংগ অগপ-বিজেপিৰ..!
জাগীৰোডত মিত্ৰতা ভংগ অগপ-বিজেপিৰ..!

মৰিগাঁও,১৭ মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত অব্যাহত আছে মিত্ৰজোঁটৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত । এইবাৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জাগীৰোডৰ অগপ কৰ্মীসকলে । সমষ্টিটোত বিজেপিৰে মিত্ৰতা ভংগ কৰি সংবাদমেল সম্বোধন কৰিলে একাংশ অগপ কৰ্মীয়ে ।

জাগীৰোড সমষ্টিৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত সংবাদ মেল আয়োজন কৰি বিজেপিৰ লগত মিত্ৰতা ভংগ কৰা বুলি ঘোষণা কৰে অগপৰ জাগীৰোড আঞ্চলিক সমিতিয়ে । মিত্ৰতাৰ চুক্তি পীযুষ হাজৰিকাই কেতিয়াবাই অৱমাননা কৰি অহাৰ অভিযোগ অগপৰ ।

জাগীৰোডত মিত্ৰতা ভংগ অগপ-বিজেপিৰ..!

লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিপক্ষে থাকি বিজেপিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী বুবুল দাসক ভোট প্ৰদান কৰিবলৈ সমষ্টিবাসীক মুকলি আহ্বান জনাই দলটোৰ জাগীৰোড আঞ্চলিক সমিতিয়ে । অৱশ্যে অগপ কৰ্মীসকলৰ এই ক্ষোভ নিৰ্বাচনৰ ফলাফলত কেনেদৰে প্ৰভাৱ পৰিব সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক: বৰপেটাত টকাৰ উজান: বহৰিত জব্দ 15 লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.