ETV Bharat / state

লখিমীক আদৰিবলৈ সাজু আঘোণ... - মৰিগাঁও

মৰিগাঁৱৰ পথাৰত দেখা গৈছে আঘোণৰ ব্যস্ততা ৷ ধান দাই থকাৰ মাজতে দাৱনীসকলে মিলি জুতি লৈছে এসাঁজ ভাতৰ ৷ সকলোৱে উপভোগ কৰিছে আঘোণৰ মাদকতা ৷

Aghoon story in morigaon assam etv bharat news
আঘোণৰ পথাৰ
author img

By

Published : Nov 17, 2020, 6:17 PM IST

মৰিগাঁও,17 নৱেম্বৰ: আজিৰে পৰা আৰম্ভ হৈছে আঘোণ মাহ ৷ আজি পহিলা আঘোণ ৷ লখিমীক আদৰাৰ ভৰপক বতৰ ৷ চাওঁতে চাওঁতে চহা অসমীয়াৰ বৰঘৰত সোমালে আঘোণে ৷ শাওণৰ ভৰা পথাৰত দুপতীয়া সেউজী সপোনৰ বীজ সিঁচা ৰাজ্যৰ কৃষকসকল এতিয়া ব্যস্ত পকা ধান চপোৱাত ৷ ৰাজ্যৰ গ্ৰামাঞ্চলৰ কৃষি প্ৰধান সমাজখনে বছৰটোৰ বাবে আঘোণতে চপাই থয় সোণগুটি ৷

Aghoon story in morigaon assam etv bharat news
আঘোণৰ সোণোৱালী পথাৰ

প্ৰতি বছৰৰ দৰে এইবাৰো মৰিগাঁৱৰ পথাৰত দেখা গৈছে আঘোণৰ ব্যস্ততা ৷ ধান দাই থকাৰ মাজতে দাৱনীসকলে মিলি জুতি লৈছে এসাঁজ ভাতৰ ৷ কোনোৱে যদি আলু পোৰা,পিতিকা ভাত খাইছে,কোনোৱে আকৌ মাছৰ টেঙাৰে জিভাৰ জুতি মাৰিছে ৷ মুঠৰ ওপৰত দাৱনীসকলে ধান দাই থকাৰ মাজতে উপভোগ কৰিছে আঘোণৰ ৰৌদ্ৰোজ্জল দুপৰীয়া ৷

লগতে চাওকঃ বৰপেটাৰ হাউলীত চণ্ডী বৰুৱা স্মৃতি ভৱন উন্মোচন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.