মৰিগাঁও , 19 মাৰ্চ : সমগ্ৰ ৰাজ্যৰ বতাহত এতিয়া আবিৰৰ ৰং (Holi in Assam) । নানা ৰঙেৰে ৰঙীন হোৱা এনে সময়তে শনিবাৰে মৰিগাঁও জিলাৰ মায়ঙৰ ঐতিহ্যমণ্ডিত গৰঙা মন্দিৰত উলহ মালহৰে উৎযাপন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা । প্ৰতি বছৰৰ দৰে এই বেলিও গৰঙা মন্দিৰত তিনিদিনিয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে ফাকুৱা উৎসৱ (Holi in Morigaon) ।
শনিবাৰে মৰিগাঁৱৰ এই ঐতিহ্যমণ্ডিত গৰঙা মন্দিৰত দৌলোৎসৱত অংশগ্ৰহণ কৰিলে স্বামীসহ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই (Actress Barsha Rani Bishaya celebrate holi in Morigaon) । অভিনেত্ৰীগৰাকীৰ আজু ককাকে স্থাপন কৰা এই মন্দিৰত আন উৎসৱ সমূহৰ দৰেই ফাকুৱা উৎসৱো অনাগত সময়ত ৰাইজৰ সহযোগত এনেদৰেই উলহ মালহেৰে পালন কৰি যাব বুলি ব্যক্ত কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ৷
লগতে আগন্তুক দিনবোৰতো এনেদৰে ফাকুৱা উদযাপন কৰাৰ কামনাৰে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰে অভিনেত্ৰীগৰাকীয়ে । ইফালে বৰষা-ভাস্কৰক কাষতে পায় ফাকু সনাৰ লগতে চেল্ফী ল'বলৈও উদগ্ৰীৱ হৈ পৰা দেখা গ'ল অনুৰাগীসকলক ।
লগতে পঢ়ক : ৰাইজৰ সৈতে হোলী খেলিলে বিধায়ক ৰূপক শৰ্মাই