ETV Bharat / state

লাহৰীঘাটত বিভিন্ন শিল্পীক সম্বৰ্ধনা অভিনেতা যতীন বৰাৰ

author img

By

Published : Oct 11, 2020, 9:17 PM IST

জনপ্ৰিয় অভিনেতা যতীন বৰাৰ লগতে লাহৰীঘাটৰ ছালছিঙা বৰীত উপস্থিত হৈ ৰত্নাকৰৰ তথা জেবি প্ৰডাক্টশ্যনৰ কলা-কুশলীসকলে কি কৰিলে ।

লাহৰীঘাটত বিভিন্ন শিল্পীক সম্বৰ্ধনা অভিনেতা যতীন বৰাৰ
লাহৰীঘাটত বিভিন্ন শিল্পীক সম্বৰ্ধনা অভিনেতা যতীন বৰাৰ

মৰিগাঁও, 11অক্টোবৰ: মৰিগাঁৱৰ লাহৰীঘাটত হঠাৎ উপস্থিত জনপ্ৰিয় অসমীয়া ছবি জগতৰ অভিনেতা যতীন বৰা। লাহৰীঘাটৰ এখন ভিতৰুৱা গাঁও ছালছিঙা বৰীত উপস্থিত হয় ৰত্নাকৰৰ তথা জেবি প্ৰডাক্টশ্যনৰ কলা কুশলীসকল ।

জেবি প্ৰডাকচনৰ তথা ৰত্নাকৰৰ অভিনেতা অভিনেত্ৰী সকলক লৈ যতীন বৰাই ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত নীৰৱে সেৱা আগবঢ়ায় থকা লোক শিল্পী , সংগীত শিল্পী, বাদ্য শিল্পী, ভাষ্কৰ্য শিল্পী আৰু মৃত শিল্পীসকলক আদৰণি জনোৱাৰ বাবে জে বি প্ৰডাকচনে হাতত লৈছে এক উল্লেখযোগ্য পদক্ষেপ । ইয়াৰ অংশ ৰূপে দেওবাৰে মৰিগাঁৱত হঠাতে উপস্থিত হৈ ফুলাম জাপি ,গামোচা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্দ্ধনা জনাই ।

ইফালে বিজেপি নেতা তথা জনপ্ৰিয় অভিনেতা গৰাকীয়ে লগতে কয় যে, অসমীয়া চলচ্চিত্ৰৰ ৰত্নাকৰ ছবিখনে দেওবাৰে এটা বছৰ সম্পূৰ্ণ কৰাৰ বাবেই জে বি প্ৰডাকচনৰ লগতে ৰত্নাকৰৰ পৰিয়ালৰ পৰা অসমৰ ৩৩ গৰাকী বিশিষ্ট শিল্পীক বিশেষ সম্বৰ্দ্ধনা জনোৱাৰ প্ৰয়াস কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত মৰিগাঁৱৰ লাহৰীঘাটৰ ছালছিঙা গাঁৱৰ বৰ্ষীয়ান ভাস্কৰ্য শিল্পী নবীন সেনাপতিৰ ঘৰত উপস্থিত হৈ সম্বৰ্দ্ধনা জনায় অভিনেতা জনৰ লগতে ৰত্নাকৰৰ কলা কুশলী সকলে । আনহাতে আগন্তুক দিনত কভিড-19 পৰিস্থিতি সুস্থিৰ হ’লে আন এখন ছবিৰ কামত ধৰিব বুলি উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.