মৰিগাঁও,৪ এপ্ৰিল : মৰিগাঁও জিলাৰ নেলী গোপাল কৃষ্ণ চাহ বাগিচাৰ খেলপথাৰত শনিবাৰৰ পৰা অনুষ্ঠিত হয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন (AASA conference)। বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই অধিবেশনৰ সোমবাৰে সফল সমাপ্তি ঘটে । নিশা কণ্ঠশিল্পী অৰ্জুন লাকড়া আৰু ভিক্টৰ লাকড়াৰ সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰে সদৌ অসম আদিবাসী ছাত্র সন্থাৰ নেলী গোপাল কৃষ্ণ চাহ বাগিচাৰ কেন্দ্ৰীয় বিশেষ অধিবেশন ।
পতাকা উত্তোলন, শ্বহীদ তৰ্পণেৰে আৰম্ভ হোৱা কেন্দ্ৰীয় অধিবেশনত পুৰণি সমিতি ভংগ কৰাৰ লগতে নতুন সমিতি গঠন কৰা হয় (All Adivasi Students Association conference)। বিশেষকৈ অধিবেশৰ শেষৰ দিনা মুকলি সভাত ৰাজ্যখনৰ কেইবাটাও জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই অংশগ্ৰহণ কৰে । লগতে চৰকাৰক ৰাজ্যৰ ডেৰশ বছৰীয়া চাহ জনগোষ্ঠীটোৰ ছাত্ৰ সমাজৰ সমস্যাৰ লগতে জনগোষ্ঠীটোৰ ভূমি সমস্যা, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক সমস্যাসমূহৰ বিষয়ে ভাষণ আগবঢ়ায় ।
সদৌ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ষ্টিফেন লাক্ৰাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁৰ অভিযোগ অনুসৰি কোম্পানীৰ দৰে চৰকাৰ চলাই জনতাৰ পৰা কেৱল কৰ আদায় কৰি আহিছে চৰকাৰে । টোলকৰ বৃদ্ধি, ৰন্ধন গেছৰ দাম বৃদ্ধি, বিদ্যুৎ মাছুল বৃদ্ধি, আনকি জীৱনদায়িনী ঔষধৰ দাম বঢ়াই চৰকাৰে ৰাইজক সেই অনুপাতে সা-সুবিধা দিব পৰা নাই বুলিও তেওঁ অভিযোগ কৰে (AJYCP leader slams Assam govt)।
দেশৰ আন আন ৰাজ্যত টোলকৰ লয় আৰু সেইসমূহ ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথৰ চেহেৰা আৰু আমাৰ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চেহেৰা উজনি অসমলৈ গ'লেই বুজি পাব বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে । তেওঁ অভিযোগ কৰা মতে ৰাষ্ট্ৰীয় ঘাইপথত নাই ৰাজহুৱা প্ৰস্ৰাৱ গাৰ, শৌচাগাৰ আৰু এম্বুলেঞ্চৰ সুবিধা নাই । ছাত্র সংগঠনৰ আন্দোলন নহ'লে অসমৰ উন্নয়ন ত্বৰান্বিত হ'লহেতেন বুলিও তেওঁ উল্লেখ কৰে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ছাত্র নেতাগৰাকীয়ে ভাৰতীয় ইতিহাসত আন্দোলনৰ এক দীঘলীয়া ইতিহাসৰ কথা দাঙি ধৰি শাসকীয় বিজেপি দলটো ৰামজন্মভূমিৰ পটভূমিত আন্দোলন কৰিয়ে আজি বিজেপি ৰাজপাটত বহা দল বুলিও কয় । ৰাজ্যৰ ৬ জনগোষ্ঠীৰ অন্যতম আদিবাসীসকলক চৰকাৰে কেৱল ভোটবেংক ৰূপে ব্যৱহাৰ কৰি শোষণ সাংবিধানিকভাৱে দিয়া অধিকাৰ সৰ্ব কৰিছে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ।
নেলী অধিবেশনৰ মুকলি সভাত মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মা, টাই আহোম ছাত্র সন্থাৰ কাৰ্যকৰী সভাপতি দেৱজিত গগৈ, সোণোৱাল ছাত্র সন্থাৰ সাধাৰণ সম্পাদক বুধিন সোণোৱাল, নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰিবিন্দ নাথ, ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নিপেন খান্দাকে ধৰি কেইবাগৰাকী ছাত্ৰ নেতা উপস্থিত থাকে । অধিবেশনৰ লগত সংগতি ৰাখি স্মৃতি গ্ৰন্থ উন্মোচন, নতুন সমিতি গঠনৰ লগতে নিৰ্ধাৰিত কাৰ্যসূচী সম্পাদনা কৰা হয় ।
সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে কয় যে চাহ বাগিচাৰ পৰা আদি কৰি লাইনসমূহৰ শিক্ষা ,জনজাতিকৰণ, ভূমি পট্টাৰ সমস্যা সমাধানৰ বাবে সংগঠনটোৱে প্ৰতিবাদ অব্যাহত ৰাখিব ।
লগতে পঢ়ক :Karishma Nath programme in Nagaon: অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে আৰক্ষী থানাত কৰিশ্মাৰ গোচৰ