মৰিগাঁও, 28 জুন: মৰিগাঁৱৰ জাগী দৈঙীয়াল গাঁৱৰ এগৰাকী শিপিনীৰ হাতৰ পৰশত জীৱন্ত হৈ উঠিছে শ্ৰীমদ্ভাগৱত গীতাৰ ন টাকৈ অধ্যায় ৷ বিগত ছটাকৈ বছৰৰ অধ্যৱসায়ৰ পাছত শ্ৰীশ্ৰীমদ্ভাগৱত গীতাৰ নটাকৈ অধ্যায় সম্পূৰ্ণ কৰি উলিয়াইছে মৰিগাঁৱৰ জাগী দৈঙীয়াল গাঁৱৰ তিলোত্তমা বৰুৱা নামৰ শিপিনী গৰাকীয়ে ৷ 62 বছৰীয়া এই শিপিনী গৰাকীৰ এই সফলতাত উৎফুল্লিত হৈ পৰি অঞ্চলবাসী ৷ ২০১৪ চনতে দেখা দুটা সপোন আৰু ছবৰীয়া সাধনাৰ অন্তত শিপিনী গৰাকীয়ে এখন বস্ত্ৰত বাছি উলিয়াইছে সনাতন ধৰ্মৰ পবিত্ৰ ধৰ্মপুথি শ্ৰীমদ্ভাগৱত গীতাৰ নটাকৈ অধ্যায়ৰ শ্লোক ৷ সেয়েহে সম্পূৰ্ণ নিজা খৰছত বিগত ছটা বছৰত নিৰবিছিন্ন প্ৰচেষ্টাৰে প্ৰথম খণ্ডত -12 মিটাৰ, দ্বিতীয় খণ্ডত-14 মিটাৰ আৰু তৃতীয় খণ্ডত -20 মিটাৰ দৈঘ্যৰ মুঠ 46 মিটাৰ দৈঘ্যৰ আৰু এক মিটাৰ পুতলেৰে প্ৰস্তুত কৰি উলিয়াইছে এইভাগ বস্ত্ৰ শ্ৰীমদ্ভাগৱত ৷ শিপিনী গৰাকীয়ে জনোৱা অনুসৰি বস্ত্ৰভাগত দীঘ-বানী একবস্তা সূতাৰ বাবে ব্যয় হৈছে প্ৰায় দহ হাজাৰ ধন ৷
মনকৰিবলগীয়া যে গাঁঠিৰ ধন ভাগি এক বিৰল প্ৰতিভাৰ দৃষ্টান্ত দাঙি ধৰা শিপিনী তিলোত্তমা বৰুৱাই মনত সাঁচি ৰাখিছে দুটা ডাঙৰ সপোন ৷ সপোনৰ ক্ৰমানুসৰি এইভাগ শ্ৰীমদ্ভাগৱত বস্ত্ৰক ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উপহাৰ ৰূপে দিবলৈ সাঁচি ৰাখিছে শিপিনী গৰাকীয়ে ৷ আনহাতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ হিচাপে সনাতন ধৰ্মৰ আৰাধ্য, বংশীধৰ শ্ৰীকৃষ্ণৰ লগতে এখন বুটাবাছি উলিওৱা ছবি আগবঢ়োৱাৰ সপোন শিপিনী গৰাকীৰ ৷ শিপিনী গৰাকীৰ এই দুই সপোন পূৰণ হোৱাত সংবাদ মাধ্যম তথা ৰাইজৰ সহায় বিচাৰিছে শিপিনী গৰাকীয়ে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লগ পোৱাৰ বাবে এতিয়া আগ্ৰহেৰে বাট চাইছে এইগৰাকী অসাধাৰণ প্ৰতিভা সম্পন্ন শিপিনীয়ে ৷
লগতে পঢ়কঃ অজিত কুমাৰ ভূঞাৰ সৈতে ইটিভি ভাৰত অসমৰ আছুটীয়া সাক্ষাৎকাৰ